অসম

assam

ETV Bharat / bharat

Extreme cold in India: অত্যধিক শীতৰ বাবে দেশত ষ্ট্ৰোকৰ আশংকা বৃদ্ধি

চিকিৎসকৰ মতে শীতকালত উচ্চ ৰক্তচাপৰ ঘটনা বৃদ্ধি পায় (High blood pressure case increases during winters)। যাৰ ফলত ব্ৰেইন ষ্ট্ৰোক আৰু মস্তিষ্কৰ ৰক্তক্ষৰণৰ ঘটনাও বৃদ্ধি হোৱাৰ আশংকা থাকে । শেহতীয়াকৈ প্ৰচণ্ড শীতৰ বাবে উত্তৰ প্ৰদেশত ব্ৰেইন ষ্ট্ৰোক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ।

By

Published : Jan 12, 2023, 12:14 PM IST

Updated : Jan 12, 2023, 1:59 PM IST

Extreme cold in India
অত্যাধিক শীতৰ বাবে দেশত ষ্ট্ৰোকৰ আশংকা বৃদ্ধি

নেশ্যনেল ডেস্ক,১২ জানুৱাৰী :দেশৰ ভিন্ন প্ৰান্তত এতিয়া শীতৰ প্ৰকোপ বৃদ্ধি পাইছে । এনে পৰিস্থিতিত দেশত ষ্ট্ৰোকত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । উচ্চ ৰক্তচাপ থকা ৰোগীক সতৰ্ক হ'বলৈ আহ্বান বিশেষজ্ঞৰ ।

উত্তৰ প্ৰদেশত প্ৰচণ্ড শীতৰ বাবে ষ্ট্ৰোক আৰু মস্তিষ্কৰ ৰক্তক্ষৰণৰ ঘটনা বৃদ্ধি (Brain stroke and brain haemorrhage) হোৱাৰ মাজতে ছাৰ গংগা ৰাম চিকিৎসালয়ৰ এগৰাকী জ্যেষ্ঠ স্নায়ু বিশেষজ্ঞই আশংকা ব্যক্ত কৰিছে । সংবাদ মাধ্যমৰ সন্মুখত ডাঃ চিএছ আগৰৱালে কয় যে শীতকালত উচ্চ ৰক্তচাপ সচৰাচৰ হয় আৰু কেতিয়াবা ষ্ট্ৰোক হ'ব পাৰে (High blood pressure case increases during winters)। তেওঁ লগতে কয় যে উচ্চ ৰক্তচাপ থকা ৰোগীসকলৰ ক্ষেত্ৰত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা অধিক আৰু বছৰৰ এই সময়ত পৰ্বতলৈ ভ্ৰমণ কৰা লোকসকলৰ শীৰ্ষ উচ্চতাত অক্সিজেনৰ স্তৰ হ্ৰাস হোৱাৰ বাবেও বিপদাশংকা আছে ।

তেওঁ কয় যে যদি পৰ্বত বা শীৰ্ষ উচ্চতালৈ যোৱা হয় তাত অক্সিজেনৰ মাত্ৰা হ্ৰাস হয় আৰু ব্ৰেইন ষ্ট্ৰোক হোৱাৰ আশংকা থাকে (The risk of brain stroke is higher in winter)। যেতিয়া কেইবাদিনো ধৰি বেলিৰ পোহৰ দেখা নাপায় আৰু ঘৰতে আৱদ্ধ থাকে তেতিয়া চাপ বৃদ্ধি হ'ব পাৰে আৰু ষ্ট্ৰোকৰ ঘটনাৰ আশংকাও বৃদ্ধি হ'ব পাৰে । সেয়েহে তাপমাত্ৰা অত্যন্ত কম থকা ঠাইবোৰত অতিৰিক্ত সতৰ্কতামূলক পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে বুলিও বিশেষজ্ঞগৰাকীয়ে কয় ।

জ্যেষ্ঠ স্নায়ু বিশেষজ্ঞগৰাকীয়ে কোৱা মতে উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে ষ্ট্ৰোক আৰু মস্তিষ্কৰ ৰক্তক্ষৰণৰ আশংকা আৰু অধিক হয় । সেয়েহে অতি শীতৰ সময়ত ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা আৰু চিকিৎসকৰ সময়মতে পৰামৰ্শ লোৱাৰ প্ৰয়োজন । তেওঁ উল্লেখ কৰা মতে ঠাণ্ড বতৰত প্ৰায়ে ৰক্তচাপ বৃদ্ধি হয় আৰু শীতকালত ঘাম নোলোৱাৰ বাবে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি হয় । যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় ।

উল্লেখ্য যে শেহতীয়াকৈ কেইবাগৰাকী ব্ৰেইন ষ্ট্ৰোক ৰোগীক কানপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (Brain stroke case in UP during winter)। তাৰ ভিতৰত এগৰাকী ১৪ বছৰীয়া শিশুৰ মৃত্যু হৈছে । চিকিৎসকে কৈছে যে অত্যাধিক শীতৰ বাবে ১৪ বছৰীয়া শিশুটোৰ মৃত্যু হৈছে । জ্যেষ্ঠ স্নায়ু বিশেষজ্ঞ ডাঃ আগৰৱালে কয় যে শীতকালত বৰ্ধিত ৰক্তচাপৰ বহু ঘটনা আহে ।

চিকিৎসকগৰাকীয়ে উল্লেখ কৰা মতে ডায়েবেটিচ, উচ্চ ৰক্তচাপ, মেদবহুলতা, বিপাকীয় লক্ষণ, আড়ম্বৰপূৰ্ণ জীৱনশৈলী, অক্সিজেনৰ অভাৱ, লগতে অত্যাধিক ধূমপানে ও ব্ৰেইন ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে । তেওঁ কয় যে মানুহে প্ৰায়ে ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰিবলৈ ভয় কৰে । আনকি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে ঔষধবোৰ বন্ধ কৰে । তেওঁ উল্লেখ কৰে যে শীতকালত ভিটামিন ডি টেবলেট গ্ৰহণ কৰা উচিত আৰু পুৱা খোজ কাঢ়িব নালাগে ।

লগতে পঢ়ক :Snowfall started at Lahaul valley: লাহৌল স্পীতিত শুভ্ৰ বৰফৰ দলিচা

Last Updated : Jan 12, 2023, 1:59 PM IST

ABOUT THE AUTHOR

...view details