নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ:ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত উগো আস্তুটোৱে কয় যে, ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপৰ অৰ্থনৈতিক ক’ৰিডৰ লেখত ল’বলগীয়া উন্নয়ন । "ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপীয় সংঘক একত্ৰিত কৰাৰ বাবে আন্তঃগাঁথনিৰ প্ৰকল্প ৰূপায়ণৰ বাবে বহুকেইটা অংশীদাৰী গোটে গ্ৰহণ কৰিছে প্ৰচেষ্টা ৷ ভাৰসাম্য, অন্তৰ্ভুক্তি আৰু বহনক্ষমতাৰ নীতিৰ দ্বাৰা সমৰ্থিত এই পদক্ষেপ ।"
তেওঁ কয় যে ডিজিটেল, শক্তি, আৰু পৰিবহণৰ ক্ষেত্ৰত স্বচ্ছ আৰু সুৰক্ষিত সংযোগ বৃদ্ধিৰ বাবে ইউৰোপীয় সংঘৰ বিশ্বব্যাপী গেটৱে’ কৌশল প্ৰকল্পটো ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক ক’ৰিডৰ (IMEC)ৰ সৈতে অতি ভালদৰে মিলি যায় যিয়ে ইউৰেছিয়ান সংযোগক পুনৰ গঢ় দিব ।
আষ্টুটোৱে লগতে কয়, ‘‘মই ভাবো যে, অংশীদাৰসকলৰ মাজত সহযোগিতাক অধিক সুনিৰ্দিষ্ট কৰি তোলাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান । ইউৰোপীয় ইউনিয়নৰ গ্ল’বেল গেটৱেৰ অৰ্থ হৈছে মানুহ আৰু গ্ৰহটোৰ বাবে কাম কৰা বহনক্ষম আৰু বিশ্বাসযোগ্য সংযোগ । জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ব্যৱস্থাৰ উন্নতি আৰু বিশ্ব যোগান শৃংখলৰ প্ৰতিযোগিতামূলক ক্ষমতা আৰু নিৰাপত্তা বৃদ্ধি কৰালৈকে ই আটাইতকৈ জৰুৰী বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰে ।
নতুন অৰ্থনৈতিক কৰিডৰটো চীনৰ বেল্ট এণ্ড ৰোড (BRI) পদক্ষেপৰ প্ৰতি প্ৰত্যক্ষ প্ৰত্যাহ্বান নেকি সেই প্ৰশ্নৰ উত্তৰত ইউৰোপীয় ইউনিয়নৰ দূতগৰাকীয়ে কয় যে, “এয়া ইতিবাচক এজেণ্ডা থকা ইতিবাচক পদক্ষেপ ।"