নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী :তেলেংগানাত এতিয়াও সক্ৰিয় হৈ আছে মাওবাদী । যাৰ বাবে বিভিন্ন সময়ত মাওবাদীৰ বিৰুদ্ধে তেলেংগানা আৰক্ষীৰ অভিযান চলি আহিছে । এইবাৰ ৰাজ্যখনৰ মুলুগু জিলাত আৰক্ষীৰ গ্ৰেহাউণ্ডচ বাহিনীৰ এনকাউণ্টাৰ । মঙলবাৰে সংঘটিত এনকাউণ্টাৰত মাওবাদীৰ চাৰিজন সদস্য নিহত হয় (Four Maoists killed in encounter at Mulugu)।
জানিব পৰা মতে, ভেংকটপুৰম অঞ্চলৰ কাৰেগুট্টা বনাঞ্চলত সংঘটিত ঘটনাটোত আৰক্ষীৰ তিনিজন কনিষ্টবল আহত হয় । নিহত মাওবাদী কেইজনৰ ভিতৰত জয়শংকৰ মুলুগু ৱাজেদু প্লাটুনৰ ডিভিজন কমিটিৰ সদস্য সুধাকৰ থকা বুলি জানিব পৰা গৈছে । আৰক্ষী আৰু মাওবাদীৰ মাজৰ এই সংঘৰ্ষত মধু নামৰ গ্ৰেহাউণ্ডচ বাহিনীৰ কনিষ্টবলগৰাকী গুৰুতৰভাৱে আহত হৈছে ।