অসম

assam

ETV Bharat / bharat

ETV Bharat Senior Correspondent: ইটিভি ভাৰতৰ জ্যেষ্ঠ সংবাদদাতা লেনিন ৰেটচাহানাথনৰ ইহলীলা সম্বৰণ - ইটিভি ভাৰত

ইটিভি ভাৰত জ্যেষ্ঠ সাংবাদিক লেনিন ৰেটচাহানাথনৰ শেষ নিশ্বাস ত্যাগ । তামিলনাডু ৱেবছাইটৰ বাবে চেন্নাইত কৰ্মৰত হৈ আছিল লেনিন ৰেটচাহানাথন ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক আঁকোৱালি লয় জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ।

ETV Bharat Senior Correspondent
ইটিভি ভাৰতৰ জ্যেষ্ঠ সংবাদদাতা লেনিন ৰেটচাহানাথনৰ ইহলীলা সম্বৰণ

By

Published : Aug 7, 2023, 10:51 PM IST

Updated : Aug 8, 2023, 3:03 PM IST

নিউজ ডেস্ক, ৭ আগষ্ট:ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক লেনিন ৰেটচাহানাথনে সোমবাৰে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে । লেনিন ৰেটচাহানাথন ইটিভি ভাৰত তামিলনাডু ৱেবছাইটৰ বাবে চেন্নাইত কৰ্মৰত হৈ আছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৮ বছৰ ৷

ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক লেনিন ৰেটচাহানাথন তামিলনাডুৰ পুডুকোট্টাই জিলাৰ অৰণথাংগীৰ বাসিন্দা আছিল । তেওঁ ইটিভি ভাৰত তামিলনাডু মিডিয়া, চেন্নাই ব্যুৰোৰ জ্যেষ্ঠ সংবাদদাতা হিচাপে কাম কৰি আছিল । তেওঁ ইটিভিৰ হৈ পৰিৱেশ সম্পৰ্কীয় বাতৰি সামাজিক চিন্তাধাৰাৰ মাজত সংগ্ৰহ কৰিছিল । লেনিনে তামিলনাডু সাধাৰণ সচিবালয়ৰ বাতৰিও সংগ্ৰহ কৰিছিল ।

ইটিভি ভাৰতত কৰ্মৰত হোৱাৰ পূৰ্বে লেনিন ৰেটচাহানাথনে ইণ্ডিয়ান এক্সপ্ৰেছ, ডি টি নেক্সট আৰু ডেকান ক্ৰনিকলৰ দৰে ইংৰাজী বাতৰি কাকততো কাম কৰিছিল । জ্যেষ্ঠ সাংবাদিক লেনিন যোৱা কেইদিনমানৰ পৰা অসুস্থ হৈ আছিল আৰু জণ্ডিচ ৰোগত আক্ৰান্ত হৈছিল । অৱশেষত সোমবাৰে সন্ধিয়া হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাত তেওঁৰ মৃত্যু হয় । মঙলবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।

লেনিনে ত্ৰিচিৰ ওৰিউৰৰ ছেইণ্ট অৰুলানন্দৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উৰ্ত্তীণ হোৱাৰ পাচত ট্ৰিচিৰ ছেইণ্ট জোচেফ কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে । তেওঁ ট্ৰিচিৰ পৰা সাংবাদিকতা জীৱন আৰম্ভ কৰে ৷ তেওঁ জনস্বাস্থ্য, জনসাধাৰণ বিভাগ, কৃষি, বন, বন্যপ্ৰাণী আৰু পৰিৱেশ বিভাগৰ ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে কাম কৰে । ইয়াৰ পাটত তেওঁ চেন্নাইলৈ যায় আৰু চেন্নাই তাৰপৰা সাংবাদিকতা কৰিবলৈ আৰম্ভ কৰে ৷

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ অসাময়িক মৃত্যুত চেন্নাই প্ৰেছ ক্লাৱৰ লগতে সাংবাদিক তথা অন্যান্য দল-সংগঠনৰ উপৰিও ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰে । ইটিভি ভাৰতত কৰ্মৰত সমূহ সাংবাদিক তথা কৰ্মচাৰীৰ হৈ জ্যেষ্ঠ সাংবাদিক লেনিন ৰেটচাহানাথনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো ৷ তেওঁ বিদেশী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷

লগতে পঢ়ক:SC on cheetah deaths : চৰকাৰক অবিশ্বাস কৰাৰ কোনো কাৰণ নাই; চিতাৰ মৃত্যু সন্দৰ্ভত উচ্চতম ন্যায়ালয়

Last Updated : Aug 8, 2023, 3:03 PM IST

ABOUT THE AUTHOR

...view details