নেশ্যনেল ডেস্ক,১২ অক্টোবৰ :মহামাৰীৰ সময়ত দেশত অনলাইন বজাৰৰ পৰিসীমা বৃদ্ধি হৈছে । বহু লোকে অনলাইন ব্যৱসায়ক আঁকোৱালি লোৱা দেখা গৈছে । এনে সময়তে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষৰ (CCPA) বিশেষ নিৰ্দেশনা । গ্ৰাহক সুৰক্ষা নিয়ন্ত্ৰক কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষৰ মতে ইটেইলাৰসকলে তেওঁলোকৰ নামৰ লগতে বিক্ৰেতাৰ ঠিকনা আৰু যোগাযোগৰ তথ্য গ্ৰাহকৰ স্বাৰ্থত স্পষ্টভাৱে প্ৰদৰ্শন কৰিব লাগিব ।
ইতিমধ্যে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষই এই সন্দৰ্ভত সকলো ৰাজ্য আৰু উদ্যোগৰ সহযোগীসকলক এক পৰামৰ্শ জাৰি কৰিছে । যিহেতু গ্ৰাহক সুৰক্ষা (ই-বাণিজ্য) নিয়ম, ২০২০ অনুসৰি কিছুমান বিক্ৰেতাই তেওঁলোকৰ বিৱৰণ প্ৰদৰ্শন কৰা নাই, সেয়ে এই নিৰ্দেশনা জাৰি কৰিছে কতৃপক্ষই । উপভোক্তা সুৰক্ষা (ই-বাণিজ্য) নিয়ম, ২০২০ ৫(৩)(ই) অনুসৰি, প্ৰতিটো ই-কমাৰ্চ সংস্থাই নাম আৰু যোগাযোগ নম্বৰসহ বিক্ৰেতাসকলে সকলো তথ্য আৰু লগতে নিষ্পত্তিৰ বাবে বা আন যিকোনো বিষয়ৰ প্ৰতিবেদন দিয়াৰ বাবে অভিযোগ বিষয়াৰ বিৱৰণ প্ৰদান কৰিব লাগিব ।