অসম

assam

ETV Bharat / bharat

ইংলেণ্ডৰ ক্ৰিকেটাৰ ডেনিয়েলৰ সৈতে অৰ্জুন তেণ্ডুলকাৰে আহাৰ গ্ৰহণ কৰা ফটো ভাইৰেল - Indian PremiurLeauge 2022

ইংলেণ্ডৰ প্ৰাক্তন তাৰকা মহিলা ক্ৰিকেটাৰ ডেনিয়েল ৱাইটে সামাজিক মাধ্যমৰ একাউণ্টত অৰ্জুন তেণ্ডুলকাৰৰ ফটো শ্বেয়াৰ কৰাৰ পিছতেই হ'ল ভাইৰেল (Arjun Tandulkar)।

arjun
ইংলেণ্ডৰ ক্ৰিকেটাৰ ডেনিয়েলৰ সৈতে অৰ্জুন তেণ্ডুলকাৰে আহাৰ গ্ৰহণ কৰা ফটো ভাইৰেল

By

Published : Jun 29, 2022, 9:36 PM IST

স্প'ৰ্টছ ডেস্ক, ২৯ জুন: ক্ৰিকেটৰ ভগৱান তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শচীন তেণ্ডুলকাৰৰ পুত্ৰৰ সৈতে ইংলেণ্ডৰ এগৰাকী প্ৰাক্তন মহিলা ক্ৰিকেটাৰে লণ্ডনৰ এখন ৰেষ্টুৰেণ্টত একেলগে আহাৰ গ্ৰহণ কৰা ফটো সামাজিক মাধ্য়মত প্ৰকাশ পোৱাৰ পাছতে তোলপাল লাগিছে (Cricketer Sachin Tendulkar's son Arjun Tandulkar )। বাতৰি অনুসৰি ইংলেণ্ডৰ প্ৰাক্তন তাৰকা মহিলা ক্ৰিকেটাৰ ডেনিয়েল ৱাইটে লণ্ডনৰ এখন ৰেষ্টুৰেণ্টত দ্ৰুতবেগী বলিং অলৰাউণ্ডাৰ অৰ্জুন তেণ্ডুলকাৰৰ সৈতে আহাৰ গ্ৰহণ কৰে (England womens cricket star Danielle Wyatt sharing a meal with fast bowling allrounder Arjun Tendulkar)। পাছত ৱাইটে মঙলবাৰে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টত অৰ্জুন তেণ্ডুলকাৰৰ এখন ফটো শ্বেয়াৰ কৰে ।

ইয়াৰ পাছতে এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে । 'কালি নান্দোছৰ বাবে মোৰ সৰু সঙ্গীক দেখি ভাল লাগিছিল ।' ৱাইটে শিৰোনাম হিচাপে এইদৰে লিখিছে । ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ সদস্য ৱাইটে ইতিমধ্য়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । উল্লেখ্য় যে তেওঁ ইংলেণ্ডৰ হৈ মাত্ৰ বগা বলৰ খেলতহে অংশ গ্ৰহণ কৰিছিল । ৱাইটে শেষবাৰৰ বাবে এপ্ৰিলত এখন আন্তৰ্জাতিক খেলত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল ।

ইপিনে,অৰ্জুনে শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২২(Indian PremiurLeauge 2022)ত মুম্বাই ইণ্ডিয়ানছৰ (Mumbain Indians) হৈ অংশ গ্ৰহণ কৰিছিল । অৱশ্যে দুৰ্ভাগ্যজনক ভাৱে পাঁচবাৰৰ আই পি এল চেম্পিয়ন দলটোৱে প্ৰতিযোগিতাখনৰ পৰা প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই বিদায় ল'বলগীয়া হৈছিল । তদুপৰি অৰ্জুনে এই ছিজনত প্লেয়িং ইলেভেনত অংশ লোৱাৰ সুযোগেই পোৱা নাছিল। অৰ্জুন তেণ্ডুলকাৰ এগৰাকী বাওঁহাতৰ দ্ৰুত বলাৰ আৰু বাওঁহতীয়া বেটছমেন । ভাৰতৰ হৈ তেওঁৰ ২০১৮ চনত অনুৰ্ধ-১৯ত অভিষেক ঘটিছিল শ্ৰীলংকাৰ বিৰুদ্ধে । আনহাতে,তেওঁ ২০২১ চনৰ ১৫ জানুৱাৰীত মুম্বাইৰ হৈ ২০২০-২১ৰ চয়দ মুস্তাক আলী ট্ৰফীৰ বিৰুদ্ধে টুৱেণ্টি-20 ত আত্মপ্ৰকাশ কৰিছিল।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা চাইক্লিষ্ট চয়নিকা গগৈক বিশ্বনাথত উষ্ণ অভিনন্দন

ABOUT THE AUTHOR

...view details