অসম

assam

By

Published : Jun 18, 2021, 10:11 PM IST

ETV Bharat / bharat

ওপৰত উঠি মন্ত্ৰীয়ে চাফ-চিকুণ কৰিছে ট্ৰেন্সফৰ্মাৰ

মধ্য প্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰদ্যুম্ন সিং টোমৰে বৃহস্পতিবাৰে মতিঝিল বিদ্যুৎ কেন্দ্ৰ পৰিদৰ্শন কৰে । তেওঁ বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় । আনহাতে, পৰিদৰ্শনৰ সময়ত এটা ট্ৰেন্সফৰ্মাৰৰ কাষতে গছ-গছনি থকা দেখি নিজেই ওপৰলৈ উঠি গৈ পৰিষ্কাৰ কৰে ।

Energy Minister Pradyuman Singh Tomar has climbed atop transformer and cleaned it
ওপৰত উঠি মন্ত্ৰীয়ে চাফ-চিকুণ কৰিছে ট্ৰেন্সফৰ্মাৰ

নেশ্যনেল ডেস্ক, ১৮ জুন: ব্যতিক্ৰমী কৰ্মশৈলীৰ বাবে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে মধ্য প্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰদ্যুম্ন সিং টোমৰে । শুকুৰবাৰে পুৱা তেওঁ মতিঝিল বিদ্যুৎ কেন্দ্ৰত উপস্থিত হয় আৰু কেন্দ্ৰটো পৰিদৰ্শন কৰে । প্ৰতিদিনে চহৰখনত ঘটনাই বিদ্যুৎ কৰ্তন হোৱা সন্দৰ্ভত তেওঁ অভিযোগ লাভ কৰি আহিছিল ।

সেয়েহে বিষয়টো নিজেই সোধা-পোছা কৰাৰ সিদ্ধান্ত লৈছিল মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰটো পৰিদৰ্শনৰ সময়তে তেওঁ ট্ৰেন্সফৰ্মাৰৰ কাষতে গছ-গছনি গজি থকা প্ৰত্যক্ষ কৰে । মন্ত্ৰীগৰাকীয়ে ট্ৰেন্সফৰ্মাৰটোত চৰাইৰ বাহ এটাও দেখা পায় । লগে লগে তেওঁ এডাল জখলা যোগাৰ কৰে আৰু কৰ্মচাৰীৰ সন্মুখতে ট্ৰেন্সফৰ্মাৰৰ ওপৰলৈ উঠি গৈ পৰিষ্কাৰ কৰে ।

ওপৰত উঠি মন্ত্ৰীয়ে চাফ-চিকুণ কৰিছে ট্ৰেন্সফৰ্মাৰ

টোমৰে এই সন্দৰ্ভত বিষয়াসকলৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি কয় যে, যদি মুখ্য কাৰ্যালয়ত সঠিক তত্বাৱধান কৰা নহয়, তেন্তে চহৰখনৰ অন্যান্য অঞ্চলৰ পৰিস্থিতি কেনেকুৱা হ'ব সেয়া সহজে বুজিব পাৰি । তেওঁ লগতে কয় যে, ৰাজ্যৰ যিকোনো স্থানত যিকোনো সময়তে হঠাতে পৰিদৰ্শন কৰা হ'ব আৰু লগতে দোষী সাব্যস্ত হোৱা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নী দিয়ে ।

শক্তি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ তিনিটা শক্তি কোম্পানীৰ লগতে প্ৰধান সচিব আৰু পৰিচালনা সঞ্চালক প্ৰধানক নিৰ্দেশনা জাৰি কৰিছে যাতে সমস্যাবোৰ অতি সোনকালে সমাধান কৰা হয় আৰু সঠিকভাৱে কাম সম্পন্ন কৰা হয় । এয়াই প্ৰথম ঘটনা নহয় ।

পূৰ্বেও বহু ব্যতিক্ৰমী কাম কৰি মন্ত্ৰীগৰাকীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে । যোৱা বছৰৰ জুলাই মাহত, এগৰাকী মহিলা কৰ্মচাৰীয়ে লেতেৰা শৌচালয়ৰ বিষয়ে গোৱালিয়ৰৰ বিজেপি বিধায়কগৰাকীক অভিযোগ দিছিল ।

ইয়াৰ পিছত তেওঁ আয়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰে আৰু কাৰ্যালয়ৰ শৌচালয় পৰিষ্কাৰ কৰে । মন্ত্ৰীগৰাকীয়ে স্থানীয় নিকায়ৰ বিষয়াসকলক শৌচালয় পৰিষ্কাৰ কৰা সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিছিল । পিছত তেওঁ কৰ্মচাৰীৰ সৈতে শৌচালয় পৰিষ্কাৰ কৰে ।

লগতে পঢ়ক:ইন্ধনৰ মূল্যবৃদ্ধি: মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details