অসম

assam

ETV Bharat / bharat

মুছলমানৰ সংখ্য়ালঘুৰ মৰ্যাদা বাতিল কৰিব লাগে : সাক্ষী মহাৰাজ - বিতৰ্কিত মন্তব্য়ৰ

বিতৰ্কিত মন্তব্য়ৰ বাবে চৰ্চাত থকা উন্নাওৰ বিজেপি সাংসদ সাক্ষী মহাৰাজৰ মতে মুছলমানৰ সংখ্য়ালঘুৰ মৰ্যাদা বাতিল কৰিব লাগে । কৃষকৰ প্ৰতিবাদ সন্দৰ্ভতো বিৰোধীক আক্ৰমণ সাংসদ গৰাকীৰ ।

মুছলমানৰ সংখ্য়ালঘুৰ মৰ্যাদা বাতিল কৰিব লাগে : সাক্ষী মহাৰাজ
মুছলমানৰ সংখ্য়ালঘুৰ মৰ্যাদা বাতিল কৰিব লাগে : সাক্ষী মহাৰাজ

By

Published : Dec 20, 2020, 6:45 PM IST

নেশ্য়নেল ডেস্ক , ২০ ডিচেম্বৰ :বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য়ৰে চৰ্চাত থাকে উত্তৰ প্ৰদেশৰ উন্নাও সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ সাক্ষী মহাৰাজ । পাকিস্তানৰ তুলনাত ভাৰতত মুছলমানৰ সংখ্যা অধিক সেয়ে মুছলমানৰ সংখ্য়ালঘুৰ মৰ্যাদা বাতিল কৰিব লাগে পুনৰ এক বিতৰ্কিত মন্তব্য়ৰে চৰ্চাত সাংসদ গৰাকী ।

উন্নাও সমষ্টিৰ এক ৰাজহুৱা সভাত ভাষণ প্ৰসংগত তেওঁ কয় যে "পাকিস্তানতকৈ ভাৰতত মুছলমানৰ জনসংখ্য়া বেছি, সেয়ে অতিশীঘ্ৰ কাৰ্যকৰী হোৱাকৈ তেওঁলোকৰ সংখ্য়ালঘুৰ মৰ্যাদা বাতিল কৰিব লাগে । মুছলমানসকলে হিন্দুৰ লগত ভাই-ভনী হিচাপে দেশত থাকিব লাগে বুলিও মন্তব্য় কৰে সাক্ষী মহাৰাজে । ভাৰতৰ বৰ্ধিত জনসংখ্য়াৰ প্ৰসংগত উক্ত সভাত তেওঁ কয় যে জনসংখ্য়াৰ বৃদ্ধি নিৰীক্ষণৰ বাবে অতিশীঘ্ৰে সংসদত এখন বিধেয়ক উত্থাপন কৰা হ'ব । সাংসদ গৰাকীৰ মতে দুটাতকৈ অধিক সন্তান থকা ব্য়ক্তিয়ে নিৰ্বাচন খেলাৰ পৰা বঞ্চিত হ'ব ।

বিজেপি সাংসদ গৰাকীয়ে কৃষি আইনৰ বিৰুদ্ধে চলি থকা কৃষকৰ প্ৰতিবাদ সন্দৰ্ভতো বিৰোধীক আক্ৰমণ কৰে সভাত । বিজেপি সাংসদ গৰাকীৰ মতে কৃষি আইনৰ সম্পৰ্কত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে । কংগ্ৰেছ দলক কটাক্ষ কৰি তেওঁ কয় যে নিৰ্দোষী কৃষকৰ কান্ধত বন্দুক থৈ গুলী মৰাতকৈ ৰাম মন্দিৰৰ দৰে, কৃষি বিল সন্দৰ্ভতো কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দল সমূহে উচ্চতম ন্য়ায়ালয়ত আবেদন কৰিব লাগে ।

লগতে পঢ়ক :১৬ জাঁই সজীৱ গুলীসহ বিমানবন্দৰত আটক প্ৰাক্তন বিধায়ক

ABOUT THE AUTHOR

...view details