নেশ্যনেল ডেস্ক, 15 নৱেম্বৰ:উত্তৰাখণ্ডৰ পৌৰী জিলাত শোকাৱহ ঘটনা ৷ চৌকী পাবাউ অঞ্চলৰ অন্তৰ্গত থাপলিত সোমবাৰে নিশা এটা বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক সাবটি লয় এটা দম্পতীয়ে (Couple died due to house fire) । স্থানীয় ৰাইজে জুই নিৰ্বাপণ কৰিবলৈ বহু চেষ্টা কৰিছিল নুমুৱাব নোৱাৰিলে জুই ।
ইয়াৰ পাছতেই ঘটনা সন্দৰ্ভত ৰাইজে খবৰ দিয়ে স্থানীয় আৰক্ষীক । খবৰ পোৱাৰ পিছতে আৰক্ষীকে ধৰি অগ্নিনিৰ্বাপক বাহিনীৰ লোক সেই স্থানত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ কিন্তু দম্পতীটোৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল অগ্নিনিৰ্বাপক বাহিনীৰ লোক ৷ অৱশেষত কোনোমতে দুয়োৰে অগ্নিদগ্ধ মৃতদেহ উলিয়াই আনিবলৈ সক্ষম হয় আৰক্ষীয়ে । আৰক্ষীয়ে দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে (House fire in Thapli village of Pauri) ।
মৃত বৃদ্ধ দম্পতী বান্দুৰ লাল (৯০) জোকী আৰু গোদাৱৰী (৮২) । দুয়ো বৃদ্ধ বয়সত অকলেই বাস কৰিবলগীয়া হৈছিল সেই বিশাল ঘৰখনত । কাৰণ দুয়োৰে আপোন বুলিব পৰা এই পৃথিৱীখনত নাছিল আন কোনো ৷ দুয়ো এজনে আনজনৰ অবিহনে অপৰিপূৰ্ণ আছিল ৷ কিন্তু কেইবছৰমান পূৰ্বে দুয়োৰে আছিল এখন সুন্দৰ সুখৰ সংসাৰ ৷ তিনিটি সন্তানৰ সৈতে ধুনিয়াকৈ আগুৱাই গৈছিল তেওঁলোকৰ জীৱন ৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস, হঠাৎ উকা হৈ পৰিল তেওঁলোকৰ সেই সোণৰ সংসাৰখন ৷