অসম

assam

কেৰালাত অবৈধ সোণ সৰবৰাহকাৰীৰ পৰা 1.85 কোটি টকা জব্দ

By

Published : Dec 24, 2020, 9:26 AM IST

অবৈধ সোণ সৰবৰাহত জড়িত তিনি অভিযুক্ত স্বপ্ন সুৰেশ,চৰিথ পিএছ আৰু সন্দীপ নায়াৰৰ পৰা 1.85 কোটি টকা জব্দ ইডিৰ ৷ ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত জব্দ কৰা হয় ধনখিনি ৷

mission of ED
ইডিৰ অভিযান

নেশ্যনেল ডেস্ক,24 ডিচেম্বৰ : ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত অবৈধ সোণ সৰবৰাহৰ সৈতে জড়িত তিনি অভিযুক্ত স্বপ্ন সুৰেশ, চৰিথ পিএছ আৰু সন্দীপ নায়াৰৰ পৰা 1.85 কোটি টকা জব্দ কৰে প্ৰৱৰ্তন নিৰ্দেশালয় অৰ্থাৎ ইডিয়ে ৷

ইডি কৰ্তৃপক্ষই জনোৱা মতে,সংস্থাটোৱে ইতিমধ্যে অবৈধ সোণ সৰবৰাহৰ অভিযোগত আটক কেৰালাৰ প্ৰাক্তন মুখ্য সচিব চিএমও এম শিৱশংকৰৰ সকলো সম্পত্তি জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

PMLA গোচৰৰ অধীনত বৃহস্পতিবাৰে শিৱশংকৰৰ বিৰুদ্ধে আদালতত এখন শ্বাৰ্জচিট দাখিল কৰে ইডিয়ে ৷

উল্লেখ্য যে, বিগত 5 জুলাইত থিৰুবন্তপুৰমৰ এখন কাৰ্গোত 14.42 কোটি টকাৰ মুঠ 30 কিলোগ্ৰাম অবৈধ সোণ জব্দ হোৱাৰ পাচতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়ক :বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details