নেশ্যনেল ডেস্ক,৩১ জুলাই :শেহতীয়াকৈ এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে বহু ৰাজনৈতিক নেতাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো নেশ্যনেল হেৰাল্ড গোচৰত জেৰা কৰিছে EDয়ে । এইবাৰ মহাৰাষ্ট্ৰৰ শিৱসেনা নেতা সঞ্জয় ৰাউটৰ বিৰুদ্ধে অভিযান EDৰ (ED raid against Sanjay Raut)। মুম্বাইৰ কৰেচপণ্ডেনচ গোচৰ সন্দৰ্ভত পুৱাৰে পৰা শিৱসেনা নেতাগৰাকীৰ বাসগৃহত EDয়ে অভিযান চলায় ।
মুম্বাইৰ ভান্দুপত থকা বাসগৃহত পুৱাৰে পৰা চলি আছে এই অভিযান (ED raid at residence of Sanjay Raut)। ইফালে শিৱসেনাৰ সাংসদগৰাকী গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনাও দেখা গৈছে । ইয়াৰ পূৰ্বে EDয়ে সঞ্জয় ৰাউটৰ বিৰুদ্ধে দুবাৰকৈ চমন জাৰি কৰিছিল । সংসদৰ অধিৱেশন চলি থকাৰ বাবে ৰাউটে সময় বিচাৰিছিল ।
মুম্বাইৰ গোৰেগাঁৱত কৰেচপণ্ডেনচ গোচৰত (Correspondence case of Mumbai) অনিয়ম সংঘটিত হোৱাৰ অভিযোগত সঞ্জয় ৰাউতৰ বিৰুদ্ধে EDয়ে তদন্ত অব্যাহত ৰাখিছে । Correspondence ত বাস কৰা নাগৰিকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ আছে সঞ্জয় ৰাউটৰ বিৰুদ্ধে । বিজেপি নেতা কিৰিট সোমিয়াই এই বিষয়ত EDৰ ওচৰত অভিযোগ দাখিল কৰিছিল । ৰাউটক EDয়ে কেইবাবাৰো জেৰাৰ বাবে মাতিছিল ।