নেশ্যনেল ডেস্ক, 8 আগষ্ট :প্ৰৱৰ্তন সঞ্চালকালয় (ED) এ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ধনৰ অবধ সৰবৰাহ আৰু ভূমি কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত সোধা পোছাৰ বাবে পুনৰ চমন জাৰি কৰিছে ৷ মঙলবাৰে পুৱা ইডিৰ কাৰ্যালয় বন্ধ থকাৰ বাবে বিয়লিলৈ ইডিয়ে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ইডিৰ কাৰ্যলয়ত উপস্থিত হ’বলৈ জাননী জাৰি কৰে ৷
উল্লেখ্য যে, প্ৰৱৰ্তন সঞ্চালকালয়ে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক দ্বিতীয়বাৰৰ চমন জাৰি কৰি সোধা পোছাৰ বাবে ইডি কাৰ্যালয়লৈ মাতি পঠিয়াইছে ৷ অৱশ্যে, মুখ্যমন্ত্ৰীগৰাকীক পুনৰ চমন জাৰি কৰাৰ সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক নিশ্চিতি নাই ৷
যোৱা 17 নৱেম্বৰত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ইডিয়ে ধনৰ অবৈধ লেনদেনৰ গোচৰ আৰু ভূমি কেলেংকাৰীৰ লগত জড়িত থকাৰ সন্দেহ কৰি প্ৰায় ন ঘণ্টা ধৰি সোধা পোছা কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাতৃ বসন্ত চোৰেনৰ সৈতে দুপৰীয়া প্ৰায় 12 বজাত ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৷ দিনজোৰা সোধা-পোছাৰ পিচত মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী কল্পনা চোৰেন নিশা প্ৰায় 9 বজাত ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৷ পত্নীৰ সৈতে ঘৰলৈ ঘূৰি হৈছিল মুখ্যমন্ত্ৰী চোৰেনে ৷