অসম

assam

ভিভো ইণ্ডিয়াৰ বিৰুদ্ধে ইডিৰ প্ৰথম অভিযোগনামা দাখিল

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 4:00 PM IST

চীনা টেলিফোন নিৰ্মাতা ভিভোক বৃহস্পতিবাৰে প্ৰৱৰ্তক সঞ্চালকালয়ে ধন আত্মসাতৰ গোচৰত অভিযুক্ত কৰিছে । বুধবাৰে ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত অভিযোগনামা দাখিল কৰাৰ কথা পিটিআয়ে জনাইছে । ভিভো ইণ্ডিয়াক আন বহু লোকৰ সৈতে অভিযুক্ত কৰা হৈছে । গোচৰটোৰ সন্দৰ্ভত ইতিমধ্যে ৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

ED charge sheet against vivo India
ভিভো ইণ্ডিয়াৰ বিৰুদ্ধে ইডিৰ প্ৰথম অভিযোগনামা দাখিল

নিউজ ডেস্ক, ৭ ডিচেম্বৰ :বৃহস্পতিবাৰে চীনা স্মাৰ্টফোন নিৰ্মাতা ভিভো আৰু অন্য কিছুমানৰ বিৰুদ্ধে ধন আত্মসাতৰ তদন্ত সন্দৰ্ভত প্ৰৱৰ্তক সঞ্চালকালয়ে প্ৰথম অভিযোগনামা দাখিল কৰিছে ।

চৰকাৰী সূত্ৰই পিটিআইক জনোৱা মতে, বুধবাৰে ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধমূলক ধাৰাৰ অধীনত এখন বিশেষ আদালতত গোচৰ ৰুজু কৰা হৈছে আৰু এই গোচৰত গ্ৰেপ্তাৰ হোৱাসকলৰ উপৰি ভিভো-ইণ্ডিয়াকো অভিযুক্ত হিচাপে ৰখা হৈছে ।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে এই তদন্তত ইতিমধ্যে লাভা ইণ্টাৰনেচনেল মোবাইল কোম্পানীৰ এমডি হৰি ওম ৰায়সহ চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে । ইডিৰ জিম্মাত লোৱা আনসকল হৈছে চীনা নাগৰিক গুয়াংগুৱেন ওৰফে এণ্ড্ৰিউ কুয়াং, চাৰ্টাৰ্ড একাউণ্টেণ্ট নীতিন গাৰ্গ আৰু ৰাজন মালিক ।

ইডিয়ে স্থানীয় আদালতত দাখিল কৰা ৰিমাণ্ড পেপাৰত দাবী কৰিছিল যে উক্ত চাৰিগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠা কাৰ্যকলাপে ভিভো ইণ্ডিয়াক ভাৰতৰ অৰ্থনৈতিক সাৰ্বভৌমত্বৰ বাবে ক্ষতিকাৰক কাম কৰিবলৈ সক্ষম কৰিছিল ।

উল্লেখ্য যে ইডিয়ে যোৱা বছৰৰ জুলাইত ভিভো ইণ্ডিয়া আৰু ইয়াৰ সৈতে সম্পৰ্কিত ব্যক্তিসকলৰ ওপৰত অভিযান চলাইছিল । এই অভিযানত চীনা নাগৰিক আৰু একাধিক ভাৰতীয় কোম্পানীৰ সৈতে জড়িত এটা ডাঙৰ ধন আত্মসাতকাৰী ৰেকেট উদ্ঘাটন কৰা বুলি দাবী কৰিছিল ।

ইডিয়ে সেই সময়ত অভিযোগ কৰিছিল যে ভাৰতত কৰ পৰিশোধৰ পৰা ৰেহাই পাবলৈ ভিভো ইণ্ডিয়াৰ দ্বাৰা চীনলৈ ৬২,৪৭৬ কোটি টকা অবৈধভাৱে স্থানান্তৰ কৰা হৈছিল ।

উল্লেখ্য যে ৰায়ে শেহতীয়াভাৱে এখন আদালতক কৈছিল যে যদিও তেওঁৰ কোম্পানী আৰু ভিভো ইণ্ডিয়াই এক দশক পূৰ্বে ভাৰতত এটা যৌথ উদ্যোগ আৰম্ভ কৰাৰ বাবে আলোচনা কৰি আছিল । কিন্তু ২০১৪ চনৰ পৰা চীনা প্ৰতিষ্ঠান বা ইয়াৰ প্ৰতিনিধিসকলৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই ।

"তেওঁ কোনো আৰ্থিক লাভ পোৱা নাই বা তেওঁ ভিভো বা ভিভোৰ সৈতে সম্পৰ্কিত কোনো সংস্থাৰ সৈতে কোনো লেনদেনত লিপ্ত হোৱা নাই । সেয়ে তেওঁক যিকোনো অভিযুক্ত 'অপৰাধমূলক উপাৰ্জন'ৰ সৈতে সম্পৰ্কিত হোৱাৰ কথা উঠাই লওক ।" ৰায়ৰ অধিবক্তাই আদালতক কয় ।

আনহাতে, সংস্থাটোৱে যোৱা বছৰ ডিচেম্বৰৰ দিল্লী আৰক্ষীৰ এজাহাৰ অধ্যয়ন কৰাৰ পিছত ভিভো, গ্ৰেণ্ড প্ৰস্পেক্ট ইণ্টাৰনেচনেল কমিউনিকেচন প্ৰাইভেট লিমিটেড (জিপিআইচিপিএল), ইয়াৰ সঞ্চালক, শ্বেয়াৰ হ'ল্ডাৰ আৰু আন কিছু পেছাদাৰী লোকৰ বিৰুদ্ধে এক প্ৰৱৰ্তন গোচৰৰ তথ্য প্ৰতিবেদন (ইচিআইআৰ) দাখিল কৰিছিল ।

ইফালে কৰ্প'ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা আৰক্ষীৰ ওচৰত এই অভিযোগ দাখিল কৰা হৈছিল যে জিপিআইচিপিএল আৰু ইয়াৰ অংশীদাৰসকলে ২০১৪ চনৰ ডিচেম্বৰত কোম্পানীটো অন্তৰ্ভুক্ত কৰাৰ সময়ত 'জাল' চিনাক্তকৰণ নথিপত্ৰ আৰু 'ভুৱা' ঠিকনা ব্যৱহাৰ কৰিছিল ।

লগতে পঢ়ক :মহানগৰীৰ ৩ টা স্থানত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details