নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল: শেহতীয়াকৈ পশ্চিমবংগৰ কোচবিহাৰৰ শীতলকুচিত নিৰাপত্তা বাহিনীৰ হাতত নিহত হৈছিল চাৰিজনকৈ লোক । নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত এনে ঘটনাৰ পিছতে বিভিন্ন দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে ।
পশ্চিমবংগ বিজেপিৰ সভাপতিয়ে কৈছিল যে ৰাজ্যখনৰ কেইবা ঠাইতো শীতলকুচিৰ দৰে ঘটনা সংঘটিত হ'ব । এনে বিতৰ্কিত মন্তব্যৰ পিছতে সভাপতি দিলীপ ঘোষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিছিল তৃণমূল কংগ্ৰেছ ।