অসম

assam

By

Published : Oct 1, 2021, 11:22 AM IST

ETV Bharat / bharat

চীনৰ উত্থানক লৈ কি ক'লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ?

আমেৰিকা-ভাৰত ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰাম চমুকৈ USISPF ৰ এক ভাৰ্চুৱেল অধিৱেশনত চীনৰ উত্থান আৰু কোৱাড গঠনৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । তেওঁৰ মতে চীনৰ সৈতে সকলো সমস্যা দ্বিপাক্ষিক ভাৱে সমাধান কৰিব বিচাৰে ভাৰতে ।

S Jaishankar
চীনৰ উত্থানক লৈ কি ক'লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে

নেশ্যনেল ডেস্ক, ১ অক্টোবৰ :ভাৰত আৰু চীনৰ মাজত সীমান্ত সমস্যাক লৈ আলোচনা অব্যাহত আছে । ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁৰ মতে চীনৰ সৈতে সকলো সমস্যা দ্বিপাক্ষিক ভাৱে সমাধান কৰিব বিচাৰে ভাৰতে । আমেৰিকা-ভাৰত ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰাম (US-India Strategic Partnership Forum) চমুকৈ USISPF ৰ এক ভাৰ্চুৱেল অধিৱেশনত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ।

বৃহস্পতিবাৰে ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ফ্ৰেংক ৱিছনাৰৰ সৈতে হোৱা এক ভাৰ্চুৱেল বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে চীনৰ উত্থান আৰু কোৱাড গঠনৰ সৈতে নতুন দিল্লীৰ স্থিতি সম্পৰ্কে উল্লেখ কৰে । তেওঁ উল্লেখ কৰা মতে কোৱাড (QUAD) এক শান্তিপূৰ্ণ সমাধান, ই আনৰ বিৰুদ্ধে নহয় । সেয়ে ইয়াত কোনো নেতিবাচক আলোচনা কৰাটো উচিত নহয় । সকলোৰে চিন্তা ইতিবাচক হোৱা উচিত বুলি তেওঁ উল্লেখ কৰে ।

আন্তৰ্জাতিক অৰ্থনীতিৰ ক্ষেত্ৰত চীন এখন প্ৰভাৱশালী ৰাষ্ট্ৰ । চীনৰ সৈতে ভাৰতৰ যি সমস্যা আছে সেয়া সকলোৰে বাবে একে নহ'ব পাৰে । যাৰ বাবে সকলোৱে একেলগে ভাৰত-চীনৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি অহাটো উচিত নহয় । বিশ্ব পৰ্যায়ত বেইজিঙৰ আন্দোলনক দেশবোৰে স্বাৰ্থ আৰু উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি সঁহাৰি দিয়াটো প্ৰয়োজন বুলিও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় ।

আফগানিস্তান প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ চুবুৰীয়া দেশখনৰ অশান্ত পৰিস্থিতি এনেদৰে চাই থকাটো অতি সহজ নহয় । তেওঁৰ মতে আফগানিস্তানৰ উন্নয়নে ভাৰতৰ লগতে বিশ্বৰ বাকী দেশবোৰৰ ওপৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে । ইফালে ভাৰতৰ পূৱ দিশে ভাৰত প্ৰশান্ত মহাসাগৰ অঞ্চলৰ ফালে চালে এটা কথা স্পষ্ট হয় যে তেওঁলোকে বহল নীতি আৰু আন্তৰ্জাতিক সম্প্ৰদায়ৰ ধাৰণাবোৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱন-যাপন কৰে ।

মন্ত্ৰীগৰাকীৰ মতে তেওঁলোকে জীৱন-যাপনৰ বাবে গ্ৰহণ কৰা পদ্ধতিবোৰ বা বাছনিবোৰ ভাৰতৰ নহয় বা চুবুৰীয়া দেশসমূহৰ দৰেও নহয় । ভাৰতৰ সমৃদ্ধি আৰু বিকাশ সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয় যে ই বিশ্বত জোৱাৰ হৈ উঠিব লাগে । অৱশ্যে তেওঁ কয় যে বহুত কৰিবলগীয়া আছে আৰু এতিয়াও বহু কাম চলি আছে ।

লগতে পঢ়ক:Punjab Assembly Polls: পাঁচ প্ৰতিশ্ৰুতিৰে ব্যৱসায়ীক আকৰ্ষিত কৰাৰ প্ৰয়াস কেজৰিৱালৰ

ABOUT THE AUTHOR

...view details