অসম

assam

ETV Bharat / bharat

অহা ২ জানুৱাৰীত সকলো ৰাজ্যতে COVID-১৯ৰ টীকাকৰণৰ বাবে চলিব ড্ৰাই ৰান - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ২০২১ৰ ২ জানুৱাৰীত COVID-১৯ৰ টীকাকৰণৰ বাবে ড্ৰাই ৰান সম্পন্ন কৰা হ'ব । পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ মাজৰ সংযোগ পৰীক্ষণ আৰু প্ৰত্যাহ্বানবোৰ আগতীয়াকৈ চিনাক্ত কৰাৰ বাবে ড্ৰাই ৰানৰ ব্যৱস্থা কৰা হৈছে বুলি বৃহস্পতিবাৰে কেন্দ্ৰই প্ৰকাশ কৰিছে ।

অহা ২ জানুৱাৰীত সকলো ৰাজ্যতে COVID-১৯ৰ টীকাকৰণৰ বাবে চলিব ড্ৰাই ৰান
অহা ২ জানুৱাৰীত সকলো ৰাজ্যতে COVID-১৯ৰ টীকাকৰণৰ বাবে চলিব ড্ৰাই ৰান

By

Published : Dec 31, 2020, 6:22 PM IST

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: COVID-১৯ৰ টীকাকৰণৰ পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ মাজৰ সংযোগ পৰীক্ষণ কৰাৰ বাবে অহা ২ জানুৱাৰীত সকলো ৰাজ্যতে সম্পন্ন কৰা হ'ব টীকাকৰণৰ ড্ৰাই ৰান । কেন্দ্ৰীয় শাসিত অঞ্চলসমূহতো চলিব এই পৰীক্ষণ । সকলো ৰাজ্যৰে ৰাজধানীৰ তিনিটা পৃথক স্থান এই পৰীক্ষণ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, পিছপৰা অঞ্চল অধিক থকা ৰাজ্যৰ কিছুমান জিলাতো পৰীক্ষণ এই সম্পন্ন কৰা হ'ব । মহাৰাষ্ট্ৰ আৰু কেৰালাত মুখ্য চহৰসমূহত ড্ৰাই ৰান সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ড্ৰাই ৰান সম্পন্ন কৰাৰ মূল উদ্দেশ্য হৈছে মুকলি পৰিৱেশত ক' উইন এপ্লিকেছনৰ ব্যৱহাৰৰ বাবে পৰিচালনৰ সম্ভাৱনীয়তা মূল্যায়ণ কৰা ।

ইয়াৰ দ্বাৰা পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ মাজৰ সংযোগ পৰীক্ষণ কৰাৰ লগতে প্ৰত্যাহ্বানবোৰ আগতীয়াকৈ চিনাক্ত কৰিব পৰা যাব । এই প্ৰক্ৰিয়াই কাৰ্যসূচী প্ৰৱন্ধকক বিভিন্ন পৰ্যায়ত কাম কৰাৰ ক্ষেত্ৰত সাহস যোগাব । কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণ আৰু আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ড্ৰাই ৰানৰ বিষয়ে ঘোষণা কৰে ।

লগতে পঢ়ক:দিল্লীত ৪ বছৰীয়া কন্যাক ধৰ্ষণ পাষাণ পিতৃৰ

ABOUT THE AUTHOR

...view details