নেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী :বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগে লগে বিপুল পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত ৷ আধুনিক প্ৰযুক্তি বিদ্যাৰ সহায়ত হিমাচল প্ৰদেশৰ চিকিৎসা ক্ষেত্ৰত আৰম্ভ হৈছে এক নতুন ব্যৱস্থাৰ ৷ সময় আৰু ধন ৰাহি কৰাৰ লক্ষ্যৰে হিমাচল প্ৰদেশৰ স্বাস্থ্য বিভাগে বিভিন্ন স্থানৰ পৰা ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰি মাণ্ডী জিলাৰ নেৰ চকস্থিত চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ বাবে ড্ৰোণৰ ব্যৱহাৰৰ এক ব্যতিক্ৰমী পদক্ষেপ আৰম্ভ কৰিছে ।
নেৰ চকস্থিত চিকিৎসা মহাবিদ্যালয়খনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ দেৱেন্দ্ৰ শৰ্মাই (CMO Mandi Dr Devendra Sharma) এই পদক্ষেপ সন্দৰ্ভত বিতংভাৱে প্ৰকাশ কৰি কয়, "এই নতুন পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত মাণ্ডী জিলাৰ যোগীন্দ্ৰ নগৰ, চৰকাঘাট আৰু মণ্ডল চিকিৎসালয়ৰ পৰা তেজৰ বিভিন্ন ধৰণৰ নমুনা সংগ্ৰহ কৰি ইয়াক ড্ৰোণত বান্ধি নেৰ চকস্থিত চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ফলত ৰোগী আৰু স্বাস্থ্য বিভাগ- দুয়োপক্ষৰে সময় আৰু ধন বহুখিনি ৰাহি হ’ব ।" সাধাৰণতে মটৰ চাইকেল অথবা বাহনৰ জৰিয়তে নমুনা সংগ্ৰহ কৰিব লাগে, য’ত যথেষ্ট সময় অপব্যয় হোৱাৰ লগতে ই ব্যয়বহুলও ।"
জিলাখনত নতুনকৈ প্ৰয়োগ কৰা এই সেৱাৰ পৰিসৰ বৃদ্ধি তথা ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত শৰ্মাই কয়, "পৰৱৰ্তী সময়ত আমি পৰ্যায়ক্ৰমে আমাৰ দুৰ্গম অঞ্চল যেনে কাৰ্ছগ, জাঞ্জেহ্লী, বাগছিয়াদ আৰু নিহ্ৰীৰ পৰা একেধৰণে নমুনা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিম । নমুনা সংগ্ৰহৰ উপৰিও আমি ঔষধ, ভেকচিন অথবা অন্যান্য অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীসমূহো একে সময়তে জৰুৰীকালীনভাৱে ড্ৰোণৰ জৰিয়তে পঠিয়াবৰ বাবে ব্যৱস্থা কৰাৰ বাবে পৰিকল্পনা যুগুত কৰিছো ।"