অসম

assam

Disadvantage of White Bread: আপুনিও ব্ৰেকফাষ্টত বগা পাউ ৰুটি খায় নেকি ? তেন্তে এই ৩টা অপকাৰিতা জানি লওক

By

Published : Jun 23, 2023, 12:06 PM IST

Updated : Jun 23, 2023, 2:12 PM IST

আমি বহু ধৰণে বগা পাউ ৰুটি খাই ভাল পাওঁ, ইয়াৰ পৰা তৈয়াৰী ৰেচিপিবোৰ তৎক্ষণাত ৰেডি হয়, কিন্তু ইয়াৰ কিমান ইয়াৰ অপকাৰিতা কিমান আপুনি জানেনে ?

Do you also eat white bread for breakfast, be prepared to bear these 3 disadvantages
আপুনিও ব্ৰেকফাষ্টত বগা পাউ ৰুটি খায় নেকি ? তেন্তে এই ৩টা অপকাৰিতা জানি লওক

বগা পাউ ৰুটি বা ব্ৰেড আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে, কাৰণ ইয়াক অতি সহজে প্ৰস্তুত কৰি আমি যিকোনো ধৰণে গ্ৰহণ কৰিব পাৰো ৷ সেয়া লাগিলে ব্ৰেড বাটাৰ হওক, পিনাট বাটাৰ লগাই খোৱা হওক বা বৰ্তমান বজাৰত উপলদ্ধ বিভিন্ন ধৰণৰ স্প্ৰেড লগাই হওক আমি ব্ৰেডক গ্ৰহণ কৰো ৷ কাৰণ ব্যস্ততাৰে ভৰা এই জীৱনত সকলোৱে সহজে কৰিব গ্ৰহণ কৰিব পৰা খাদ্যই বাচনি কৰে ৷

বিশেষকৈ পুৱাৰ ব্ৰেকফাষ্টত, আমি ব্ৰেডক চেণ্ডুইচ হিচাপে খাই ভালপাও, বা ইয়াক টোষ্ট হিচাপেও খোৱা হয় । এই ধৰণৰ খাদ্য প্ৰস্তুত কৰিবলৈ বেছি সময় নালাগে, গতিকে পুৱা অফিচ বা স্কুললৈ যোৱাৰ সময়ত খৰখেদাকৈ খোৱাটো সহজ, কিন্তু ব্ৰেডৰ ক্ষতিৰ বিষয়ে হয়তো এতিয়াও বহুলোকেই অজ্ঞাত ।

বগা পাউ ৰুটি খোৱাৰ অপকাৰিতা

চিকিৎসকৰ মতে, যদি আমি নিয়মীয়াকৈ বগা পাউ ৰুটি সেৱন কৰি আছো, তেন্তে ই আমাৰ স্বাস্থ্যৰ বহু ধৰণৰ ক্ষতি কৰিব পাৰে । বগা পাউ ৰুটিৰ সলনি গোটা শস্য বা বহু শস্যৰ ৰুটি খাব লাগে, যিটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী ।

১/ অতিৰিক্ত পৰিমাণৰ নিমখ

বগা ৰুটিৰ বেছিভাগতে নিমখৰ পৰিমাণ আৰু সংৰক্ষক পদাৰ্থ অতি বেছি, কাৰণ বহু দিন বজাৰত বিক্ৰী কৰিবলগীয়া হয়, কিন্তু স্বাস্থ্যৰ বাবে একেবাৰেই উপযোগী নহয়, কাৰণ ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে । যিসকলে বগা পাউ ৰুটি বেছিকৈ খায় তেওঁলোকৰ বাবে এই বিপদ বেছি ।

২/ ওজন বৃদ্ধি হ’ব পাৰে

বগা পাউ ৰুটিত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট, ৰিফাইন চেনি আৰু নিমখ থাকে, যাৰ ফলত আমাৰ শৰীৰৰ বহু ক্ষতি হয় । যদি ইয়াৰ নিয়মীয়া সেৱন কৰা হয়, তেন্তে ৰক্তশৰ্কৰাৰ মাত্ৰা আৰু চৰ্বিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত ডায়েবেটিছ আৰু মেদবহুলতাৰ আশংকা বৃদ্ধি পাব ।

৩/ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতি

ৰুটিত ছডিয়ামৰ পৰিমাণ বেছি হোৱাৰ বাবে বি পি বৃদ্ধি হোৱাৰ আশংকা থাকে । উচ্চ ৰক্তচাপৰ অৰ্থ হ’ল ধমনীসমূহৰ মাজেৰে হৃদযন্ত্ৰৰ ওচৰলৈ যাবলৈ তেজ অধিক জোৰেৰে ঠেলিবলগীয়া হয়, যাৰ ফলত ক’ৰ’নাৰী ধমনী ৰোগ, ট্ৰিপল ভেছেল ডিজিজ আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।

লগতে পঢ়ক:Ghee Benefits For Skin: ঘিয়ে কেৱল সুস্বাস্থ্য প্ৰদান কৰাই নহয় বৃদ্ধি কৰে সৌন্দৰ্য্যও, এনেদৰে কৰক ব্যৱহাৰ

Last Updated : Jun 23, 2023, 2:12 PM IST

ABOUT THE AUTHOR

...view details