অসম

assam

ETV Bharat / bharat

২০৪১ চনত বাংলাদেশ মূলৰ মুছলমান হ'ব অসমৰ মুখ্যমন্ত্ৰী: মনিনুল আৱাল

ৰাজ্যিক সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালে অভিযোগ কৰা মতে প্ৰব্ৰজনৰ জৰিয়তে অসমৰ বাংলাদেশ মূলৰ মুছলমান ভোটাৰসকলে কিছুমান সমষ্টিত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ বাবে এক সমন্বিত প্ৰচেষ্টা চলাই থাকিব পাৰে । এই সন্দৰ্ভত মমিনুল আৱালৰ বিভিন্ন মন্তব্যকলৈ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ এক বিশেষ প্ৰতিবেদন ।

Disequilibrium in Assams population
২০৪১ চনত বাংলাদেশ মূলৰ মুছলমান হ'ব অসমৰ মুখ্যমন্ত্ৰী:মনিনুল আৱাল

By

Published : Jul 14, 2021, 3:20 PM IST

নেশ্যনেল ডেস্ক, ১৪ জুলাই :অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ জনজাতীয় আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ লোকসকলৰ সংস্কৃতি আৰু সুৰক্ষাৰ বাবে নতুন বিভাগ গঠনত অনুমোদন জনাইছে । ইয়াৰ দ্বাৰা ৰাজ্যখনৰ থলুৱা সম্প্ৰদায়সমূহে মুখ্যতঃ পশ্চিম আৰু মধ্য অসমত সন্মুখীন হৈ থকা সমস্যাসমূহৰ পৰা উপশম পাব বুলি ধাৰণা কৰা হৈছে । ইয়াৰ মাজতে চৰকাৰৰ জনসংখ্যা নীতি (Population Policy) সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ (AMDB) অধ্যক্ষ মমিনুল আৱালে (Mominul Awal)।

তেওঁৰ মতে জনসংখ্যা নীতিৰ জৰিয়তে জনসংখ্যা হ্ৰাস আৰু পৰিয়ালৰ আকাৰ সীমাবদ্ধ কৰিলেই নহ'ব জনসংখ্যাৰ ভাৰসাম্যও নিয়ন্ত্ৰণ কৰিব লাগিব । তেওঁ দাবী কৰা মতে বৰ্তমান ৰাজ্যৰ জনসংখ্যা ভাৰসাম্যহীন হৈ আছে । তেওঁৰ মতে অসমত এনে বহুতো থলুৱা সম্প্ৰদায় আছে যাক নিয়ন্ত্ৰণ কৰাৰ সলনি তেওঁলোকৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ চৰকাৰে উৎসাহিত কৰা উচিত ।

হাজং বা দেউৰী জনজাতিৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে হাজং (Hajong) সম্প্ৰদায়ৰ যোৱা ১৫০ বছৰত কোনো জনসংখ্যা বৃদ্ধি হোৱা নাই । অসমত তেওঁলোকৰ সংখ্যা ১ লাখতকৈও কম ।

অসমৰ ১২ খন জিলাত বিয়পি থকা দেউৰীসকলৰো সংখ্যা ২ লাখতকৈ অধিক নহয় । অধ্যক্ষগৰাকীৰ মতে তেওঁলোকৰ আকাৰ প্ৰায় একেই আছে । উল্লেখ্য যে ১৯৮৫ চনত ৰাজ্য চৰকাৰে সংখ্যালঘু আৰু উন্নয়ন বিভাগৰ অধীনত অসমৰ সংখ্যালঘু শ্ৰেণীসমূহৰ উন্নয়ন, আয় বৃদ্ধি, দক্ষতা বিকাশ আৰু স্ব-নিযুক্তিৰ বাবে বিভিন্ন আঁচনিৰ অধীনত তেওঁলোকক ক্ষমতা প্ৰদান কৰিবলৈ অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ড (Assam Minorities Development Board) গঠন কৰিছিল ।

সংখ্যালঘু ব'ৰ্ডৰ অধ্যক্ষৰ এক অভিযোগ অনুসৰি ৰাজ্যখনত বাংলাদেশ মূলৰ মুছলমান ভোটাৰসকলৰ প্ৰব্ৰজনৰ এক ধাৰা দেখিবলৈ পোৱা গৈছে । তেওঁলোকে বেছি জনসংখ্যাৰ সমষ্টিৰ পৰা ওচৰৰ সমষ্টিলৈ যায় । যাৰ ফলত অতিৰিক্ত সংখ্যাই নিৰ্বাচনী ভাৰসাম্যত প্ৰভাৱ পেলায় ।

আৱালে বৰপেটা লোকসভা সমষ্টিৰ (Barpeta Lok Sabha Constituency) অন্তৰ্গত দুখন আসন ক্ৰমে জনীয়া আৰু বাঘবৰক উদাহৰণ হিচাপে লৈ কয় যে, এই দুটা সমষ্টিৰ পৰা ১.৫ লাখ ভোটাৰ আঁতৰি গ'লেও বাংলাদেশী বংশোদ্ভূত মুছলমান প্ৰাৰ্থীসকলে এই দুটা সমষ্টিৰ পৰা জয়ী হ'ব । তেওঁ অভিযোগ কৰা মতে গোৱালপাৰা পূৱ আৰু ৰূপহী সমষ্টিৰ ক্ষেত্ৰতো একেই ধৰণৰ ঘটনা ঘটিছে ।

তেওঁৰ দাবী বাংলাদেশ মূলৰ মুছলমান ভোটাৰৰ যথেষ্ট সংখ্যকে এই সমষ্টিৰ পৰা প্ৰব্ৰজন কৰিলেও বিজয়ী তেওঁলোকৰ সম্প্ৰদায়ৰে হ'ব । সেয়ে আৱালৰ মতে যদি চৰকাৰে অসমৰ খিলঞ্জীয়াসকলক সুৰক্ষা দিব বিচাৰে তেনেহ'লে এই আন্তঃসমষ্টি প্ৰব্ৰজন বন্ধ কৰিব লাগিব যাতে বাংলাদেশী বংশোদ্ভূত মুছলমান ভোটাৰসকল মাত্ৰ ২৮ ৰ পৰা ৩০টা সমষ্টিতে সীমাবদ্ধ থাকিব পাৰে । ইফালে অসমত মুছলমানৰ সংখ্যা সৰ্বাধিক প্ৰায় ৩৭ শতাংশ । অনুমান কৰা হয় যে অসমত প্ৰায় ১.৬ কোটি মুছলমান আছে যাৰ ভিতৰত বিভিন্ন সময়ত অসমত বসতি স্থাপন কৰা বাংলাদেশ মূলৰ মুছলমানৰ সংখ্যা হৈছে প্ৰায় ১.২ কোটি । আৱালে উল্লেখ কৰা মতে অসমত থলুৱা মুছলমান ৪৫ লাখতকৈ অধিক নাই ।

তেওঁ লগতে কয় যে অসমৰ থলুৱা মুছলমান পৰিয়ালত সাধাৰণতে শিশুৰ সংখ্যা এটা বা দুটা থাকে আৰু কেতিয়াবাহে তিনিটা হয় । আনহাতে, যদি এই ধাৰা অব্যাহত থাকে তেন্তে ২০৪১ চনৰ নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী বাংলাদেশী-মুছলমান মূলৰ ব্যক্তি হ'ব বুলিও দাবী কৰে মনিনুল আৱালে (Mominul Awal) । আৱালে কোৱা মতে সাংবিধানিক ৰক্ষা কৱচ স্বৰূপ অসম চুক্তিৰ (Assam Accord) ৬ নং দফাৰ ব্যৱস্থা ব্যৱহাৰ কৰি খিলঞ্জীয়াসকলৰ বাবে আসন সংৰক্ষণ কৰাটো তেওঁ সমৰ্থন কৰে ।

আৱালে অৱশ্যে স্বীকাৰ কৰিছে যে খিলঞ্জীয়া কোন তাক চিনাক্ত কৰাত কিছু সমস্যা আছে । আজিলৈকে থলুৱা অসমীয়া সকল কোন তাৰ কোনো স্পষ্ট বা সঠিক সংজ্ঞা নাই । ইয়াৰ উপৰি থলুৱা মুছলমানসকলক চিনাক্ত কৰাৰ কামটো অধিক কঠিন । আনহাতে তেওঁৰ মতে অসমৰ মুছলমানসকল সমগোত্ৰীয় নহয় ।

আনকি অসমত বাংলাদেশ মূলৰ মুছলমানসকলৰো কেইবাটাও শ্ৰেণী আছে । কিছুমান অবিভক্ত ভাৰতত স্বাধীনতাৰ আগতে পশ্চিম অসমৰ বহু ঠাইলৈ আহিছিল আৰু কিছুমান পিছত আহিছিল । তেওঁলোক হৈছে বাংলাদেশত থকা বহুতো কোচ-ৰাজবংশী, হাজং আৰু বড়োৰ দৰে । অৱশ্যে আৱালৰ মতে এই শ্ৰেণীটোক অনুপ্ৰৱেশকাৰী বুলি ক'ব নোৱাৰি কিন্তু তেওঁলোক বাংলাদেশ মূলৰ ।

লগতে পঢ়ক :উত্তৰ-পূৱত ক'ভিড প্ৰটকল ভংগক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details