অসম

assam

By

Published : Jun 17, 2021, 10:14 PM IST

ETV Bharat / bharat

ৰাম মন্দিৰৰ ভূমি কেলেংকাৰী : কেন্দ্ৰক জবাবদিহি কৰাৰ আহ্বান দিগ্বিজয় সিঙৰ

কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে দেশৰ সন্তসকলক আগবাঢ়ি আহি ৰাম মন্দিৰৰ ভূমি কেলেংকাৰী( Ram mandir land scam) লৈ কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰাৰ আহ্বান জনায় । ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টে জালিয়াতিৰে ভূমি ক্ৰয় কৰাৰ অভিযোগ উঠিছে ৷

ৰাম মন্দিৰ নিৰ্মাণক লৈ কেন্দ্ৰক জবাবদিহি কৰাৰ আহ্বান
ৰাম মন্দিৰ নিৰ্মাণক লৈ কেন্দ্ৰক জবাবদিহি কৰাৰ আহ্বান

নিউজ ডেস্ক, 17 জুন :কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে (Congress leader Digvijay Singh) ৰাম মন্দিৰৰ ভূমি বিবাদ (Ram Mandir Land Scam)ক লৈ বৃহস্পতিবাৰে টুইট (Tweet)ৰ জৰিয়তে কেন্দ্ৰক কঠোৰ সমালোচনা কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ সন্তসকলক আগবাঢ়ি আহি ৰাম মন্দিৰৰ ভূমি বিবাদক লৈ কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰাৰ আহ্বান জনাইছে । তেওঁ লগতে সন্ত আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ নেতৃত্বক ৰাম মন্দিৰ ট্ৰাষ্ট ব’ৰ্ড (Ram Mandir trust board)ক বহিষ্কাৰ কৰাৰ দাবী জনাই আৰু সৎ লোকক ৰাম মন্দিৰ নিৰ্মাণৰ দায়িত্ব হস্তান্তৰ কৰিবলৈ আহ্বান জনায় । তেওঁ আৰ এছ এছ (RSS), বিজেপি (BJP), গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi)ক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে । তেওঁ লগতে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা (Congress Leader Priyanka Gandhi Vadra)ক এই বিষয়ত আলোকপাত কৰাৰ বাবে ধন্যবাদ জনায় ।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা (Congress Leader Priyanka Gandhi Vadra)ই বুধবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টে জালিয়াতিৰে ভূমি ক্ৰয় কৰাৰ অভিযোগ কৰে ৷ তেওঁ উচ্চতম ন্যায়ালয় (Supreme Court of India)ৰ তত্বাৱধানত সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ দাবী জনায় ৷ ইয়াৰ লগতে কয় যে, 18 মাৰ্চত দুজন লোকে অযোধ্যাৰ লগত সম্বন্ধিত ভূমি 2 কোটি টকাত ক্ৰয় কৰে ৷ এই ভূমিখিনি ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টে (Ram Mandir trust board) 5 মিনিটৰ পাছত 18.5 কোটি টকাত ক্ৰয় কৰিছিল ৷ প্ৰিয়ংকাই উল্লেখ কৰা অনুসৰি ভূমিৰ দাম প্ৰতি ছেকেণ্ডত 5.5 লাখ টকাকৈ বৃদ্ধি পায় ৷ তেওঁ লগতে কয় যে, ভূমি ক্ৰয় কৰা ধনৰাশি দেশৰ জনতাই মন্দিৰ নিৰ্মাণ আৰু ভগৱানৰ শ্ৰীচৰণত আগবঢ়াইছিল ৷

লগতে পঢ়ক :ৰাম মন্দিৰ কেলেংকাৰী: দুৰ্নীতিৰ অভিযোগ উত্থাপনকাৰীক বৰঙণি ঘূৰাই লোৱাৰ আহ্বান

ABOUT THE AUTHOR

...view details