অসম

assam

ETV Bharat / bharat

কৰ্তব্যৰত অৱস্থাত নিচাসক্ত: আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক গ্ৰেপ্তাৰ - বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

আৰক্ষীৰ উপ মহাপৰিদৰ্শকৰ আকস্মিক পৰিদৰ্শনৰ সময়ত নিচাসক্ত অৱস্থাত ধৰা পৰিল এগৰাকী আৰক্ষী সহকাৰী উপ পৰিদৰ্শক ৷ নিচাসক্ত অৱস্থাত ধৰা পৰে আৰু লগে লগেই গ্ৰেপ্তাৰ আৰক্ষী বিষয়া গৰাকী ৷

DIG finds cop sloshed during inspection
আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক গ্ৰেপ্তাৰ

By

Published : Mar 11, 2021, 2:16 PM IST

নেচনেল ডেস্ক, 11 মাৰ্চ:কৰ্তব্যৰত সময়ত নিচাসক্ত অৱস্থাত ধৰা পৰাৰ পাছতে গ্ৰেপ্তাৰ হৈছে বিহাৰৰ এগৰাকী আৰক্ষী সহকাৰী উপ পৰিদৰ্শক ৷ আৰক্ষীৰ উপ মহাপৰিদৰ্শকে আকস্মিকভাৱে চলোৱা এক পৰিদৰ্শনৰ সময়ত সহকাৰী উপ পৰিদৰ্শক গৰাকী নিচাসক্ত অৱস্থাত ধৰা পৰে আৰু লগে লগেই আৰক্ষী বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷

বিহাৰৰ সহৰ্চাৰ সৌৰাবজাৰ আৰক্ষী থানাত এই ঘটনাটো সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি কোচি অঞ্চলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক প্ৰনৱ কুমাৰ প্ৰবীনে আকস্মিকভাৱে পৰিদৰ্শনৰ বাবে সেই ঠাইত উপস্থিত হোৱাৰ পাছতে ওমপ্ৰকাশ ৰাম নামৰ আৰক্ষী বিষয়া গৰাকীক মাতাল অৱস্থাত পাই ষ্টেচন হাউচ অফিচাৰক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

সহৰ্চাৰ আৰক্ষী অধীক্ষক লিপি সিঙে জানিবলৈ দিয়ে যে, আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক ওমপ্ৰকাশ ৰামক সদৰ চিকিৎসালয়ত পৰীক্ষা কৰাৰ পাছত তেঁও নিচাসক্ত বুলি ধৰা পৰে ৷ সূত্ৰ অনুসৰি অভিযুক্ত ওমপ্ৰকাশ ৰামৰ পৰাও এইক্ষেত্ৰত স্পষ্টীকৰণ বিচৰা হৈছে ৷

উল্লেখ্য যে, শেহতীয়াকৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কোনো আৰক্ষীৰ লোকক নিচাসক্ত অৱস্থাত পালে কঠোৰতম শাস্তি প্ৰদানৰ বাবে নিৰ্দেশনা দিছিল ৷ 2016 চনৰে পৰাই বিহাৰত মাদক দ্ৰৱ্য নিষেধাজ্ঞা আইন জাৰি হৈ আছে ৷ এই আইন অনুসৰি যিকোনো ধৰণৰ মাদক দ্ৰৱ্য সেৱন আৰু বিক্ৰী উভয় ক্ষেত্ৰতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

লগতে পঢ়ক:বিবাহৰ পাত্ৰী বিচাৰি আৰক্ষীৰ কাষ চাপিল উত্তৰ প্ৰদেশৰ যুৱক

ABOUT THE AUTHOR

...view details