অসম

assam

ETV Bharat / bharat

হোৱাটছ এপৰ নতুন গোপনীয়তা নীতি: আজি শুনানি গ্ৰহণ দিল্লী উচ্চ ন্যায়ালয়ৰ - দিল্লী উচ্চ ন্যায়ালয়

সোমবাৰে হোৱাটছ এপৰ নতুন গোপনীয়তা নীতি বিষয়ক এক আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰে অৱতাৰণা কৰা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ কোৱা হৈছিল হোৱাটছ এপ কৰ্তৃপক্ষক ।

হোৱাটছএপৰ নতুন গোপনীয়তা নীতি বিষয়ক আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ৰ
হোৱাটছএপৰ নতুন গোপনীয়তা নীতি বিষয়ক আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ৰ

By

Published : Mar 1, 2021, 12:22 PM IST

নেশ্যনেল ডেস্ক,১ মাৰ্চ: হোৱাটছ এপে নতুন গোপনীয়তা নীতি গ্ৰহণ কৰাৰ পিছৰে পৰা এই নীতিক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে । হোৱাটছ এপ কৰ্তৃপক্ষই ব্যৱহাৰকাৰীৰ তথ্য আন ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে শ্বেয়াৰ কৰিব বুলি শংকিত হৈ পৰিছে একাংশ ব্যৱহাৰকাৰী । দিল্লী উচ্চ ন্যায়ালয়ৰ শেহতীয়া শুনানিত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে, হোৱাটছ এপৰ নতুন গোপনীয়তা নীতি বিবেচনাধীন ।

পূৰ্বে এক শুনানিত অতিৰিক্ত ছ'লিচিটৰ জেনেৰেল চেতন শৰ্মাই কয় যে, হোৱাটছ এপৰ নতুন গোপনীয়তা নীতি ভাৰতীয় আৰু ইউৰোপৰ ব্যৱহাৰকাৰীৰ বাবে পৃথক । ইউৰোপৰ ব্যৱহাৰকাৰীয়ে এই ক্ষেত্ৰত বিকল্প অপচন বাচনি কৰাৰ কেইবাটাও সুবিধা লাভ কৰিছে যদিও ভাৰতীয় ব্যৱহাৰকাৰীসকল বঞ্চিত হ'বলগীয়া হৈছে । আবেদনকাৰীয়ে ডাটা সুৰক্ষা আইনৰ প্ৰসংগ উত্থাপন কৰি উক্ত বিষয়ত ছ'চিয়েল মিডিয়া প্লেটফৰ্মক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰশ্নৰ অৱতাৰণা কৰে ।

এই সন্দৰ্ভত চেতন শৰ্মাই কয় যে, সমগ্ৰ বিষয়টো যুটীয়া সংসদীয় সমিতিৰ বিবেচনাধীন হৈ আছে । শুনানিত পৰামৰ্শদাতা মনোহৰ লালে আবেদনকাৰীৰ পক্ষত থাকি কৈছিল যে, হোৱাটছ এপৰ নতুন গোপনীয়তা নীতিয়ে দেশৰ নিৰাপত্তা আৰু গণতন্ত্ৰৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, আদালতে পূৰ্বে কৈছিল যে, হোৱাটছ এপ বাধ্যতামূলক এপ নহয় । সেয়ে, যিসকলে ব্যৱহাৰ কৰিব নিবিচাৰে তেওঁলোকে ইয়াক ব্যৱহাৰৰ পৰা বিৰত থাকিব পাৰে ।

অথবা অন্যান্য বিকল্প এপ উপলব্ধ আছে, মানুহে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে । আবেদনখনৰ জৰিয়তে আবেদনকাৰীয়ে মৌলিক অধিকাৰ পালন কৰি হোৱাটছ এপৰ গোপনীয়তা নীতি সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰাৰ বাবে দাবী জনাইছে । আবেদনত কোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিব লাগে যে তথ্য প্ৰযুক্তি আইনৰ অধীনত অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰোতে হোৱাটছ এপে যাতে ব্যৱহাৰকাৰীৰ তথ্য তৃতীয় পক্ষ বা ফেচবুকৰ সৈতে শ্বেয়াৰ নকৰে ।

লগতে পঢ়ক: আদৰ্শ নগৰত চুৰিকাঘাত: গ্ৰেপ্তাৰ ২

ABOUT THE AUTHOR

...view details