অসম

assam

ETV Bharat / bharat

দিল্লী চৰকাৰে গঠন কৰিলে নতুন শিক্ষা ব’ৰ্ড

শনিবাৰে ৰাজধানী চহৰ দিল্লীত 2,700 স্কুলৰ বাবে নতুনকৈ ব’ৰ্ড গঠনৰ মঞ্জুৰী প্ৰদান কৰিলে দিল্লী চৰকাৰে ৷

By

Published : Mar 6, 2021, 7:50 PM IST

delhi-govt-approves-formation-of-separate-board
delhi-govt-approves-formation-of-separate-board

নেচনেল ডেক্স, 6 মাৰ্চঃ শনিবাৰে ৰাজধানী চহৰ দিল্লীত 2,700 স্কুলৰ বাবে নতুনকৈ ব’ৰ্ড গঠনৰ বাবে মঞ্জুৰী প্ৰদান কৰিলে দিল্লী চৰকাৰে ৷ প্ৰথম অৱস্থাত দিল্লীৰ 21-22 খন চৰকাৰী স্কুলক দিল্লীৰ নতুন শিক্ষা ব’ৰ্ডৰ অধীনত ল’ব ৷ পৰৱৰ্তী চাৰি বছৰৰ ভিতৰত দিল্লীৰ প্ৰত্যেক চৰকাৰী স্কুলক দিল্লী শিক্ষা ব’ৰ্ডৰ অধীনত অনা হ’ব ৷ সংবাদমেলত এই কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

দিল্লী মহানগৰীত বৰ্তমান 1000 চৰকাৰী বিদ্যালয় আৰু 1700 খন বে-চৰকাৰী বিদ্যালয় চি বিএছ ইৰ অধীনত আছে ৷ নতুনকৈ গঠন কৰা ব’ৰ্ডত দিল্লীৰ শিক্ষামন্ত্ৰীৰ নেতৃত্বত কাৰ্যবাহী সমিতিখন গঠন কৰা হ’ব বুলি মন্তব্য় কৰে কেজৰিৱালে ৷ নতুনকৈ গঠিত ব’ৰ্ডে বিদ্যালয় শিক্ষাত সৰ্বশ্ৰেষ্ঠ আন্তঃৰ্জাতিক অনুশীলন আৰু উচ্চ-অন্তিম কৌশল আনিব বুজি জনায় কেজৰিৱালে । নৱগঠিত দিল্লী ব’ৰ্ডে শিক্ষাৰ্থীসকলৰ দক্ষতা অনুসৰি শিক্ষা প্ৰদান কৰিব বুলি কেজৰিৱালে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ মৰাণত কংগ্ৰেছৰ সাংগঠনিক সভা

ABOUT THE AUTHOR

...view details