নেশ্যনেল ডেস্ক, 23 আগষ্ট : ৰাজধানী দিল্লীৰ প্ৰদূষণৰ সমস্যা সমাধানৰ বাবে কেজৰিৱাল চৰকাৰে আৰম্ভ কৰিব প্ৰথমটো ‘স্মগ টাৱাৰ’ ৷ সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কনাট প্লেচত স্থাপন হ’বলগীয়া এই টাৱাৰটো উদঘাটন কৰিব ৷ জানিবলৈ পৰা অনুসৰি, এই টাৱাৰটোৱে প্ৰতি ছেকেণ্ডত 1 হাজাৰ ঘন মিটাৰ বায়ু পৰিস্কাৰ কৰি PM-10 আৰু PM-2.5ৰ মাত্ৰা হ্ৰাস কৰিব ৷ যোৱা বৃহস্পতিবাৰে এই টাৱাৰটো নিৰীক্ষণৰ বাবে প্ৰকল্পস্থানত উপস্থিত হৈছিল পৰিৱেশ তথা বনমন্ত্ৰী গোপাল ৰায় ৷
টাৱাৰটো পৰ্যবেক্ষণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰদূষণৰ বিৰুদ্ধে দিল্লী চৰকাৰে পূৰ্ণোদ্যমে কাম কৰি আছে ৷ ধূলি প্ৰদূষণ, বাহনৰ দ্বাৰা সৃষ্টি প্ৰদূষণ অথবা খৰিৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষণৰ সমস্যা সমাধানৰ বাবে চৰকাৰখনে সকলো স্তৰতে কাম কৰি আছে ৷ আমি এই কামটোত আৰু ক্ষীপ্ৰতা আনিম ৷ মই আশা কৰো যে, পাইলট আধাৰত আৰম্ভ হ’বলগীয়া এই স্মগ টাৱাৰটোৱে আমাক প্ৰদূষণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিব" ৷