নিউজ ডেস্ক, ২৪ জুন : গুগলে নিয়মীয়াভাৱে প্লে ষ্টোৰত (google play store) ক্ষতিকাৰক মালৱেৰ (malware) চিনাক্ত কৰাৰ লগতে নিষিদ্ধ কৰি আহিছে (Google regularly detects and bans malicious malware)। এই তালিকাত শেহতীয়াভাৱে আৰু পাঁচটা এপ সন্নিৱিষ্ট হৈছে আৰু সেইকেইটা আঁতৰ কৰা হৈছে । এইবোৰে চোৰাংচোৱা এপ হিচাপে কাম কৰে, যিয়ে আন মোবাইল এপৰ পৰা ডাটা চুৰি কৰে । যদি এই এপবোৰ আপোনাৰ মোবাইলত আছে তেন্তে সেইবোৰ তৎক্ষণাৎ আনইনষ্টল কৰক (uninstall these apps immediately)।
আপোনাৰ মোবাইলত এইকেইটা এপ আছে নেকি ?
পিআইপি পিক কেমেৰা ফটো এডিটৰ (PIP Pic Camera Photo Editor) : এই এপটো হৈছে এটা ছবি সম্পাদনা চফ্টৱেৰ (image editing software) । এই মালৱেৰটোৱে ফেচবুক লগইনৰ বিৱৰণ চুৰি কৰি আছে (malware stealing Facebook login details) । তথ্যমতে, এক মিলিয়নতকৈও অধিক লোকে ইয়াক ডাউনলোড কৰিছে ।
ৱাইল্ড এণ্ড এক্সোটিক এনিমেল ৱালপেপাৰ (Wild & Exotic Animal Wallpaper) :এই এপটোত ছদ্মবেশী এটা এডৱেৰ আছে (masquerading adware)। ই মোবাইলত থকা অন্যান্য এপৰ আইকন আৰু নাম সলনি কৰিব পাৰে । তাৰ পৰাই সমস্যাবোৰ আহে । 5 লক্ষাধিক লোকে এই এপটো ডাউনলোড কৰিছে ।
জোডি হৰস্কোপ - ফৰ্চুন ফাইণ্ডাৰ (Zodi Horoscope - Fortune Finder) : এই এপৰ জৰিয়তে স্মাৰ্টফোনত হেক কৰা মালৱেৰে ফেচবুক একাউণ্টৰ বিৱৰণ চুৰি কৰে (stealing Facebook account details) । ইয়াক 5 লাখৰো অধিক লোকে ডাউনলোড কৰিছে ।
পিআইপি কেমেৰা 2022 (PIP Camera 2022) :এই এপটো কেমেৰাৰ উন্নত ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হয় (used to make better use of camera)। আপুনি এই এপটো ব্যৱহাৰ কৰা আৰম্ভ কৰাৰ লগে লগে ফেচবুকে ইয়াত থকা মালৱেৰৰ জৰিয়তে চাইবাৰ অপৰাধীসকললৈ তথ্য প্ৰেৰণ কৰে (Facebook transmitting information to cyber criminals) । খবৰ অনুসৰি 50,000 ৰো অধিক লোকে এই এপটো ডাউনলোড কৰিছে ।