নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ :ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কেৰালাত । ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ কোট্টায়াম আৰু ইদুক্কি জিলা দুখন যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে । ইফালে ৰাজ্যখনত দেওবাৰৰ দিনটোলৈ ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে ।
ভাৰতীয় সেনা, এন ডি আৰ এফ (NDRF), আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে স্থানীয় লোকসকলৰ সৈতে দেওবাৰে পুৱা কুট্টিকাল আৰু কোক্কায়াৰ পঞ্চায়তত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ইফালে সেই অঞ্চলত শনিবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে য'ত বহু লোক এতিয়াও সন্ধানহীন হৈ আছে । বিষয়াসকলে কোৱা মতে, দেওবাৰে পুৱা উদ্ধাৰকাৰী দলে কুট্টিকল পঞ্চায়তৰ পৰা ৯ টা মৃতদেহ উদ্ধাৰ কৰিছে ।