অসম

assam

By

Published : Nov 14, 2021, 10:13 PM IST

ETV Bharat / bharat

কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ পত্ৰ দিল্লী মহিলা আয়োগৰ অধ্যক্ষৰ

কংগনা ৰাণাৱটৰ বিৰুদ্ধে সৰৱ দিল্লী মহিলা আয়োগ ৷ ভাৰতৰ স্বাধীনতাৰ সম্পৰ্কে বিশেষ মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত অভিনেত্ৰীগৰাকী ৷

dcw wrote letter to president against kangana ranaut statement
কংগনা ৰাণাৱটৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ পত্ৰ দিল্লী মহিলা আয়োগৰ অধ্যক্ষৰ

চিটাৰা ডেস্ক, 14 নৱেম্বৰ :বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ পৰা পদ্মশ্ৰী বঁটা তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ ৰাষ্ট্ৰপতিক আহ্বান জনাইছে দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে ৷ ইয়াৰ লগতে কংগনাৰ বিৰুদ্ধে ৰাজদ্ৰোহ অভিযোগত গোচৰ ৰুজু কৰাৰ বাবেও মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰপতিক আহ্বান জনায় ৷

উল্লেখ্য যে, দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে দেওবাৰে ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ ইয়াৰ পাছতেই মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে টুইট কৰি এই কথা সদৰি কৰে ৷ স্বাতী মালিৱালে টুইটটোত কয় যে, কংগনা এনে এগৰাকী মহিলা যিয়ে গান্ধী, ভগত সিঙৰ বলিদানক হাস্যকৰ বুলি ক’ব বিচাৰে । তেওঁ লাখ লাখ মানুহৰ ত্যাগ-তপস্যাৰ পাছত লাভ কৰা স্বাধীনতাক ভিক্ষা বুলি ক’ব বিচাৰে ।

তেওঁ লগতে কয় যে, কংগনা ৰাণাৱটক পুৰস্কাৰ নহয় চিকিৎসাৰ প্ৰয়োজন ৷ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে ভাৰতৰ স্বাধীনতাৰ সম্পৰ্কে বিশেষ মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ৷ অভিনেত্ৰীগৰাকীয়ে ১৯৪৭ চনৰ স্বাধীনতাক ভিক্ষা বুলি অভিহিত কৰি নৰেন্দ্ৰ মোডীৰ চৰকাৰ শাসনলৈ অহাৰ পাছতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে বুলি কৈছিল ।

শেহতীয়াকৈ পদ্মশ্ৰী সন্মান (Padma Shri award) লাভ কৰা অভিনেত্ৰীগৰাকীয়ে এই মন্তব্যৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ বিভিন্নজনে অভিযোগো দাখিল কৰিছে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ।

লগতে পঢ়ক :ভাৰতৰ স্বাধীনতা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কত Kangana Ranaut

ABOUT THE AUTHOR

...view details