নিউজ ডেস্ক, ৩ আগষ্ট : কেন্দ্ৰৰ ৫ আগষ্ট, ২০১৯ চনৰ অনুচ্ছেদ ৩৭০ বাতিলৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা কেইবাখনো আবেদনৰ শুনানি পুনৰ আৰম্ভ হৈছে । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ২ আগষ্টৰ পৰা ইয়াৰ শুনানি আৰম্ভ কৰিছে । দেশৰ কিছুসংখ্যক মুখ্য বিৰোধী দলে অনুচ্ছেদ ৩৭০ বাতিলৰ সিদ্ধান্তক পক্ষপাতদুষ্ট বুলি ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে । আনহাতে, বিজেপিক সমৰ্থন জনোৱাসকলৰ পৰা এই সিদ্ধান্তক সম্পূৰ্ণ প্ৰশংসা কৰা হৈছে ।
বৃহস্পতিবাৰৰ শুনানি ইতিমধ্যে সমাপ্ত হৈছে । জ্যেষ্ঠ অধিবক্তা কপিল চিবালে ইয়াৰ বিৰুদ্ধে তেওঁৰ যুক্তি আগবঢ়ায় ।
ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে দুটা বিবাদৰ তালিকা তৈয়াৰ কৰে । এটা হ'ল অনুচ্ছেদ ৩৭০-য়ে সংবিধানৰ এক স্থায়ী বৈশিষ্ট্য লাভ কৰিছে বুলি কৰা আবেদন । এইটো দুয়োপক্ষৰ পৰাই বিতৰ্কিত । দ্বিতীয়টো হৈছে, ধৰি লোৱা হওক অনুচ্ছেদ ৩৭০-ত কোনো স্থায়িত্ব নাই, ইয়াক বাতিল কৰাৰ বাবে উপযুক্ত প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছেনে ?
অনুচ্ছ্দ ৩৭০ বাতিলৰ বিৰুদ্ধে আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিবালে কয় যে তেওঁ আদালতক বুজাবলৈ চেষ্টা কৰিব যে অনুচ্ছেদ ৩৭০ স্থায়ী । তেওঁ কয়, "মহামান্য আদালতে কৈছে যে এইটো বিতৰ্কিত । হয় এইটো বিতৰ্কিত । ইয়াত কোনো সন্দেহ নাই ।" এই ক্ষেত্ৰত ন্যায়াধীশ কৌলে বাধা প্ৰদান কৰি কয় যে এইটো বিতৰ্কৰ বিষয় আছিল কাৰণ দুয়োপক্ষই ইয়াত বিতৰ্ক কৰিব । তেতিয়া কপিল চিবালে কয়, "হয়, এইটো সঁচাকৈয়ে বিতৰ্কিত । মই আপোনাক ক'ম যে এইটো কিয় স্থায়ী ।"
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে চিবালক প্ৰশ্ন কৰে, "আপুনি কেনেকৈ ক'ব পাৰে যে সংসদে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বাবে ইয়াৰ সম্পূৰ্ণ সংশোধনী ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেননে ? চিবালে উত্তৰত কয়, "এয়া মৌলিক গাঁথনি নহয় (সংবিধানৰ), এয়া হৈছে এখন সাৰ্বভৌম ৰাজ্য আৰু আনৰ মাজত এক পাৰ্থক্য, যিটো আমাৰ সংবিধানত প্ৰস্তুত কৰা হৈছে, আন ৰাজ্যত এয়া নাই ।"