অসম

assam

ETV Bharat / bharat

Daily Horoscope for 9th July: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

By

Published : Jul 9, 2022, 5:11 AM IST

daily-horoscope-for-9th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ স্বামীয়ে স্ত্ৰীৰ সম্পৰ্ক সুখৰ হ’ব ৷ আৱেগিক হৈ পৰিব পাৰে ৷ আৰ্থিক দিশতো সন্তোষজনক ৷ প্ৰশংসা লাভ ৷ কাজিয়া বিবাদ এৰাই চলক ৷

বৃষ ৰাশি: শুভ দিন ৷ মন আৰু শৰীৰ দুয়োটা ভালে থাকিব ৷ সকলো কাম সুচাৰু ৰূপে সম্পন্ন হ’ব ৷ বিনিয়োগৰপৰা ভাল লভ্যাংশ পাব ৷ পিতৃ-মাতৃৰ পৰা বহুত লাভবান হ’ব পাৰিব ৷

মিথুন ৰাশি: লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব ৷ নতুনকৈ কোনো কাম আৰম্ভ নকৰিব ৷ সন্তানৰ শিক্ষা, স্বাস্থ্য বা মংগলৰ বাবে খৰচ বৃদ্ধি ৷ স্বাস্থ্যক লৈয়ো বহুত চিন্তাত থাকিব ৷ হতাশা অনুভৱ কৰিব ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো মধ্যমীয়া হ’লেও কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ ক্ৰীড়াৰ ক্ষেত্ৰত সক্ৰিয় হৈ উঠিব ৷

কৰ্কট ৰাশি: দিনটো বৰ ভালে নাযাব ৷ গ্ৰহৰ বেয়া অৱস্থান ৷ মনটো উদ্বেগ আৰু সন্দেহেৰে পূৰ্ণ হৈ থাকিব ৷ পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে ৷ লাঞ্ছিত হ’ব পাৰে ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷

সিংহ ৰাশি: স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ কলা সম্বন্ধীয় যি কোনো বস্তুৰ প্ৰতি প্ৰবল আকৰ্ষণ অনুভৱ কৰিব ৷ সকলো বস্তুৰ প্ৰতি অস্বাভাৱিক আৱেগিক হৈ পৰিব ।

কন্যা ৰাশি: কথাই মানুহক মন্ত্ৰমুগ্ধ কৰি দিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ বৌদ্ধিক আলোচনাৰ ক্ষেত্ৰত সাৱধানে ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব, নহ’লে সেই আলোচনা মাৰপিটলৈ পৰ্যবসিত হ’ব পাৰে ৷

তুলা ৰাশি: শুভ দিন ৷ সৃজনশীলতা আৰু শিল্পকলাৰ প্ৰতি প্ৰেম হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব ৷ লক্ষ্যত সফল হ’ব ৷ বিত্তীয় বিষয়বোৰক ভালকৈ চম্ভালি ল’ব পাৰিব ৷

বৃশ্চিক ৰাশি: দুৰ্ঘটনাৰ পৰা সাৱধান ৷ ভাবি চিন্তি কথা ক’ব, কাৰণ কাজিয়া-বিবাদ লাগি যাব পাৰে ৷ সমস্যাত জৰ্জৰ হৈ থকাৰ ফলত শৰীৰ আৰু মনৰ স্বাস্থ্য বেয়া হৈ থাকিব ৷ খৰচ বৃদ্ধি ৷ ঘনিষ্ঠ আৰু প্ৰিয়জনৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা আছে ৷

ধনু ৰাশি: লাভ বৃদ্ধি ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷ বন্ধুসকলৰ সৈতে সৰুসুৰা ভ্ৰমণত যাব পাৰে ৷ গ্ৰহৰ অৱস্থানে আয় বৃদ্ধি কৰাব পাৰে ৷

মকৰ ৰাশি:ব্যৱসায়িক দিশৰ পৰা লাভবান হ’ব ৷ ধন আদায়, ভ্ৰমণ আৰু অতিৰিক্ত আয়ৰ বাবে দিনটো অনুকূল ৷ জুই, পানীৰ পৰা আঁতৰত থাকক ৷ ব্যৱসায়িক কামত দৌৰি ফুৰিবলগীয়া হ’ব পাৰে ৷ সন্তানৰ পঢ়াশুনাৰ উন্নতিক লৈ সন্তুষ্ট থাকিব ৷ সুনাম বৃদ্ধি ৷

কুম্ভ ৰাশি: দিনটো মিশ্ৰিত ফলাফল লাভ কৰিব ৷ শৰীৰ বৰ ভালে নাযাব ৷ মানসিকভাৱে আনন্দৰে থাকিব ৷ খৰচ বৃদ্ধি ৷ ভ্ৰমণত শুভ ৷ সন্তানক লৈ দুশ্চিন্তাত হ’ব ৷

মীন ৰাশি: আধ্যাত্মিকতাত নিমগ্ন থাকিব ৷ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’ব ৷ স্বাস্থ্যৰ অধিক যত্ন ল’ব ৷ অসুস্থতাৰ কাৰণে খৰচ বৃদ্ধি ৷ পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধৈৰ্য ধৰক ৷ অপ্ৰত্যাশিত আৰ্থিক লাভে উৎসাহিত কৰি তুলিব । ব্যৱসায়ীসকলে ধাৰে দিলে সেই টকা ঘূৰাই পাব ৷

ABOUT THE AUTHOR

...view details