অসম

assam

By

Published : Nov 2, 2022, 5:03 AM IST

ETV Bharat / bharat

Daily horoscope for 2nd November: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-2nd-november-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:সৌভাগ্যশীল দিন ৷ শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত বিনিয়োগ কৰি লাভাম্বিত হ’ব পাৰে ৷ পিকনিকৰ পৰিকল্পনা কৰিব পাৰে ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃষ ৰাশি: কোনো মূহুৰ্তত সন্তানৰ শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰৰ কোনো ঈৰ্ষান্বিত প্ৰতিদ্বন্দীৰ বাবে বিৰক্তি অনুভৱ কৰিব ৷ তৰ্কত লিপ্ত হ’ব পাৰে ৷ শান্ত হওক ৷

মিথুন ৰাশি: শান্ত মস্তিষ্কৰে থাকক ৷ নেতিবাচক, নিৰাশাবাদী চিন্তাধাৰাৰ পৰা আতঁৰত থাকক ৷ স্বাস্থ্যৰ যত্ন লওঁক ৷ অন্যথা বেমাৰী স্বাস্থ্য, অমনোযোগিতা, অসাৱধানতাৰ বাবে দুৰ্ঘটনা, অনিদ্ৰা আদিৰ শংকা থাকিব ৷ ব্যয় বৃদ্ধি পাব পাৰে, সতৰ্ক হওক ৷

কৰ্কট ৰাশি:ভোজ, সুস্বাদ্যু আহাৰ, উদযাপন, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথাবতৰাই সম্পূৰ্ণ দিনটো ব্যস্ত কৰি ৰাখিব ৷ আনন্দ উপভোগ কৰিব ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব ৷ যত্নবান হওক ৷

সিংহ ৰাশি: ব্যৱসায় বৃদ্ধি হ’ব ৷ ধন অৰ্জনৰ বাবে সৌভাগ্যশীল সময় ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ নতুন কোনো কাম কৰাৰ পৰা বিৰত থাকক ৷ কোনো বিবাদ বা আইনী যুদ্ধৰ পৰা বিৰত থাকক ৷

কন্যা ৰাশি: দিনটো শান্ত আৰু স্থিৰ হৈ থাকিব ৷ সুখী অনুভৱ কৰিব ৷ ধন অৰ্জন কৰিব ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা সহযোগিতা পাব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভালে থাকিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সুখী হৈ থাকিব ৷

তুলা ৰাশি: ক্লান্তি আৰু মানসিক শান্তিৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷ পৰিয়ালৰ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰক ৷

বৃশ্চিক ৰাশি: বহুদিনীয়া সম্পত্তিৰ বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ৰ বাবে শুভ দিন ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ যত্ন লওক ৷

ধনু ৰাশি: শিক্ষাৰ্থী, শিক্ষাবিদ আৰু পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাসকলৰ বাবে উপযোগী দিন ৷ সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই দিনটো ভালে ৰখাত সহায় কৰিব ৷ ব্যৱসায়ী আৰু পেচাদাৰীসকলে আৰ্থিক সফলতা লাভ কৰিব ৷

মকৰ ৰাশি:চিন্তাধাৰা বিমূৰ্ত আৰু ৰহস্যময় হ’ব ৷ দাৰ্শনিকতা, আধ্যাত্মিকতা আৰু পৰম শক্তিমান ভগৱানৰ প্ৰতি জিজ্ঞাসা বৃদ্ধি পাব ৷ বিনিয়োগত লাভ পাব ৷

কুম্ভ ৰাশি:নিজৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখিব ৷ ব্যয় বৃদ্ধি হ’ব ৷ মানসিক শান্তি লাভ কৰিব ৷ পৰিয়ালৰ লোকৰ লগত বিবাদ হ’ব পাৰে ৷ সমস্যাসমূহৰ পৰা হাত সাৰিব ৷

মীন ৰাশি: সকলো কাম আৰু বাণিজ্যিক বিষয়ত সৌভাগ্যশীল হ’ব ৷ বিদেশ ভ্ৰমণ কৰিব পাৰে ৷ প্ৰাণৱন্ত আৰু প্ৰফুল্লিত অনুভৱ কৰিব ৷ ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক ৷ আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ মাজেৰে সান্ত্বনা পাব পাৰে ৷

ABOUT THE AUTHOR

...view details