অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

DAILY HOROSCOPE FOR 21ST SEPTEMBER
আজিৰ দিনটোৰ ৰাশিফল

By

Published : Sep 21, 2022, 10:24 AM IST

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আজি আপোনাৰ মনলৈ বহু ধৰণৰ চিন্তাৰ উদ্ভৱ হ'ব পাৰে, বিশেষকৈ মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব ৷ ধ্যান আৰু যোগ কৰি মনক শান্ত কৰক ৷ ঘৰ আৰু সম্পত্তি বিষয়ৰ আইনি কাম-কাজ নকৰাটোৱে শুভ ৷ অচিনাকি মহিলা আৰু পানীৰ পৰা আঁতৰত থাকক ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাবলৈ পূৰ্বতকৈ বেছি কষ্ট কৰিব লাগিব ৷

বৃষ ৰাশি: শুভ দিন ৷ খং আৰু উদ্বেগে আপোনাক আগুৰি থাকিব ৷ চিন্তাৰ পৰা আঁতৰি থাকি ফূৰ্তিত থাকিবলৈ যত্ন কৰক ৷ বন্ধু আৰু পৰিয়ালৰ লগত আবেলি একলগ হ'ব পাৰে ৷ গঠনমূলক কাম কৰি থাকক ৷ ভ্ৰমণৰ সম্ভাৱনা ৷ ধনৰ আগমণ ঘটিব পাৰে ৷

মিথুন ৰাশি: বাহিৰলৈ যাওক আৰু বন্ধু আৰু পৰিয়ালৰ লোকক লগ কৰক ৷ আজি আপুনি আগৰ কিছু বাকী থকা কাম সমাধা কৰিব পাৰিব ৷ সুন্দৰ পৰিবেশ আৰু পূৰ্ণ সহযোগ কৰা সহকৰ্মীয়ে আপোনাৰ দিন শুভ কৰি তুলিব ৷

কৰ্কট ৰাশি: আজি আপোনাৰ বাবে প্ৰেমৰ দিন বুলি ক'ব পাৰি ৷ বন্ধু বা পৰিয়ালৰ সৈতে বনভোজ খাবলৈ যাব পাৰে ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷ চমুকৈ ক'বলৈ গ'লে এটা বৈভৱপূৰ্ণ দিন ৷

সিংহ ৰাশি: শান্ত হৈ থাকক ৷ বিভিন্ন সমস্যাই দেখা দিব পাৰে ৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে দুবাৰকৈ চিন্তা কৰিব ৷ আইনী কাম আজি পৰাপক্ষত নকৰাই মংগল ৷ সুন্দৰ মাত-কথা তথা ভাল ব্যৱহাৰে আপোনাৰ কামত উন্নতি সাধন কৰিব ৷ বিদেশৰ পৰা অহা ভাল খবৰে সময় ভাললৈ আনিব ৷

কন্যা ৰাশি: আপোনাৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব ৷ ব্যক্তিগত আৰু কৰ্মক্ষেত্ৰত উন্নতি ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব ৷ ভ্ৰমণৰ যোগ ৷ এই ভ্ৰমনে মনত আনন্দ দিব ৷ বিবাহৰ প্ৰাৰ্থী বিচাৰি থকা সকলে মনে বিচৰা সংগীক লগ পাব ৷

তুলা ৰাশি: এই সময় উৎসৱৰ সময়, ঘৰৰ সুন্দৰ আৰু আশাজনক পৰিবেশত আপোনাৰ কামে গতি লাভ কৰিব ৷ পদোন্নতিৰ যোগ ৷ যদি আপুনি কোনো বিপদত পৰে তেন্তে আপোনাৰ মাতৃয়ে সেই বিপদ দূৰ কৰাত আপোনাক সহায় কৰিব ৷ মাটি-সম্পত্তিৰ সংক্ৰান্তীয় কাম-কাজৰ বাবে উত্তম দিন ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ কামৰ ক্ষেত্ৰখন আপোনাৰ বাবে আজি কিছু প্ৰতিকূল ৷ শান্তভাৱে পৰিস্থিতিৰ সন্মুখীন হওক ৷ পত্নী বা সন্তানৰ লগত তৰ্ক নকৰিব ৷ আপোনাৰ চঞ্চল মনক শান্ত কৰিবলৈ লিখা কাম বা সাহিত্য চৰ্চা কৰক ৷ ভ্ৰমণত বেছি খৰছৰ সন্মুখীন হ'ব ৷ আপোনাৰ জমা টকাৰ ওপৰত চকু ৰাখক ৷

ধনু ৰাশি: শৰীৰৰ যত্ন লওক বা নলওক আজি বাহিৰা খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক ৷ মানসিক চাপত ভুগিব পাৰে ৷ নতুন কাম এতিয়াই হাতত নল'ব ৷ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব ৷

মকৰ ৰাশি:সৌভাগ্যৰ দেখা দিব ৷ ব্যৱসায়ত প্ৰচুৰ উন্নতি ৷ ধন বৃদ্ধিৰ যোগ ৷ অকলশৰীয়াসকলে তেওঁলোকৰ জীৱন সংগীক লগ পাব ৷ সাংস্কৃতিক অনুষ্ঠানত ভাগ লবলৈ পায় আপোনাৰ মুখত হাঁহি বিৰিঙিব ৷ বজাৰ আৰু প্ৰিয় খাদ্যয়ো আপোনাক আনন্দিত কৰিব ৷

কুম্ভ ৰাশি:দিনটো শুভ ৷ আপোনাৰ চলি থকা কাম সময়ত আজি সম্পূৰ্ণ হ'ব ৷ ঘৰত শান্তি বিৰাজ কৰিব, আপোনাৰ মানসিক আৰু শাৰিৰিক স্বাস্থ্য ভালে থাকিব ৷ মাতৃৰ ঘৰৰ পৰা অহা ভাল খবৰে আনন্দ দিব ৷

মীন ৰাশি: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযুক্ত দিন ৷ মহিলা বন্ধুৰ সৈতে ভ্ৰমণলৈ যাওতে সাৱধান থাকক ৷ আপুনি মানসিকভাৱে কোনো কথাত ভাগি পৰিব পাৰে ৷ বিবাহিতসকলে ইজনে আনজনক সমৰ্থন কৰিব ৷

ABOUT THE AUTHOR

...view details