মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ । আজি আপুনি অত্যধিক তজবজীয়া হৈ থাকিব আৰু উত্সাহ-উদ্দীপনাৰে সৈতে কাম কৰিবলৈ আগুৱাই যাব । লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব । ঘৰৰ অসাধাৰণ পৰিৱেশত পৰিয়ালৰ সৈতে ভাল সময় কটাই আপুনি সম্পূৰ্ণ উজ্জীৱিত হৈ উঠিব । সামাজিকভাৱে অনানুষ্ঠানিক মিলামিচা বা আনন্দ-অনুষ্ঠানৰ যোগ আছে। আজিৰ সময়টো ভাল, ইয়াৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক আৰু প্ৰতিটো মুহূৰ্তক উপভোগ কৰক । মাতৃৰ ফালৰপৰা সু-সংবাদ পাব ।
বৃষ ৰাশি:বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ৷ আজিৰ দিনটো শিক্ষাৰ্থীৰ বাবে কঠিন হ’ব যেন অনুমান হয় ৷ চিন্তিত হৈ থাকিব ৷ পেট অসুখ আদিয়ে উদ্বিগ্ন কৰি ৰাখিব ৷ কিন্তু দুপৰীয়াৰ পিছত, বেমাৰৰ পৰা হাত সাৰিব ৷ মানসিক ভাৱেও, চাপমুক্ত হ’ব ৷ আপোনাৰ কামে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে ৷ আপোনাৰ সংগীৰ পৰা ভাল খবৰ লাভ কৰিব ৷
মিথুন ৰাশি:আপুনি আজি শক্তিহীন যেন অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ অস্থাৱৰ(মাটি আদি)সম্পত্তি সম্পৰ্কীয় বিষয়ত অধিক সৰ্তক হৈ থাকক ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷ বৌদ্ধিক চৰ্চাৰ পৰা দূৰত থাকক ৷
কৰ্কট ৰাশি:চিন্তা নকৰাকৈ কোনো কাম নকৰিব ৷ প্ৰিয়জনক লগ পাই আনন্দিত হ’ব ৷ সম্পৰ্কৰ উষ্ণতাই আপোনাক অধিক সুখী কৰি ৰাখিব ৷ প্ৰতিদ্বন্দীৰ সন্মূখন নিজৰ স্থিতি দৃঢ়তাৰে ৰাখক ৷ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ বাবে অলপ কঠিন হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লওক ৷ মাতৃৰ স্বাস্থ্য চিন্তাৰ বিষয় হ’ব পাৰে ৷ আৰ্থিক সমস্যাৰ সন্মূখীন হোৱাৰ সম্ভাৱনা আছে ৷
সিংহ ৰাশি: বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব আৰু বৌদ্ধিক চৰ্চাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰলুব্ধ হব, কিন্তু এনেক্ষেত্ৰত জড়িত হোৱাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ সদস্যসকলৰ লগত মন নিমিলিব পাৰে ৷ আজি আৰ্থিক লাভ হ’ব পাৰে ৷ দুপৰীয়া পিছত, প্ৰতিটো পদক্ষেপ ভাবি চিন্তি লব ৷ ভাতৃৰ পৰা উপকৃত হ’ব ৷ আধ্যাত্মিক ক্ষেত্ৰত অৰ্জন কৰাৰ সম্ভাৱনা আছে ৷
কন্যা ৰাশি: নিজৰ কথাৰ পৰা উপকৃত হ’ব পাৰে ৷ আপোনাৰ আৰু আনসকলৰ মাজৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছে ৷ যাত্ৰাৰ পৰা আনন্দিত হ’ব ৷ ব্যৱসায়িক ক্ষেত্ৰটো লাভাম্বিত হ’ব পাৰে ৷ পৰিয়ালৰ পৰিবেশ উত্সাহজনক হ’ব ৷ আৰ্থিক লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব ৷ বৈদেশিক ৰাষ্ট্ৰৰ লগত ব্যৱসায়িক লেনদেন সফল হ’ব ৷ নিজৰ পছন্দৰ আহাৰ গ্ৰহণ কৰিব ৷