অসম

assam

By

Published : May 14, 2023, 5:08 AM IST

ETV Bharat / bharat

Daily Horoscope for 14th May: আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope for 14th May 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:আপোনাৰ বাবে এটা সুন্দৰ দিন,বন্ধু আৰু আপোনজনৰ লগত মিলিত হোৱাৰ দিন ৷ তেওঁলোকৰ লগত বনভোজ আৰু ফুৰিবলৈ যাব পাৰে ৷ বন্ধুৰ বাবে যিকোনো সময়ত সহায়ৰ বাবে আপুনিসাজু ৷ যধে মধে খৰছ কৰি লোকচান নভৰিব ৷ হঠাৎ ধনৰ আগমণ হ’ব পাৰে ৷ গ্ৰহৰ প্ৰভাৱত আপোনাৰ আনন্দ বাঢ়িব ৷ সন্তানৰ ফালৰ পৰাও সুখ অনুভৱ কৰিব ৷

বৃষ ৰাশি:হাঁহি থাকক, আপোনাৰ বাবে গোলাপৰ বৰষুন হ’ব৷ আপোনাক দিয়া সকলো কাম সময়ত আৰু সহজে শেষ হ’ব, গতিকে নতুন কাম আৰম্ভ কৰক ৷ গ্ৰহৰ প্ৰভাবত আপুনি সাধাৰণভাৱে আৰম্ভ কৰা কমেও বৃহত সফলতা পাব ৷ বৈবাহিক জিৱন সুখেৰে ভৰা হ’ব৷ আপোনাৰ সন্মান বাঢ়িব ৷

মিথুন ৰাশি: আজি এনেকুৱা এটা দিন যাক আপুনিআৰু মনত পেলাবলৈ নিবিছাৰিব ৷ আপোনাৰ চকুৰ আগতে তলে তলে শৰিৰ , সম্পত্তি আৰু পৰিয়ালৰ ক্ষেত্ৰত কিছুমান কায্য সংঘটিত হ’ব ৷ গতিকে এনে চেষ্ঠা কৰক যি আপোনাৰ হাঁহি আৰু ফুৰ্তি ঘুৰাই আনে ৷ আপোনাৰ কৰ্ম ক্ষেত্ৰটো আপোনাৰ সহকৰ্মীৰ সহায়ৰ অবিহনে কাম কৰি আপুনিবহুত উদ্দিগ্নতাৰে দিন কটাব লাগিব ৷ আপোনাৰ প্ৰতিদন্দীসকলেও আপোনাক আঁতৰাই নিজে আগবাঢ়িবলৈ চেষ্টা চলাই যাব ৷ সেয়েহে তেওলোকৰ পৰা আতৰি থকাই মংগল ৷ আপোনাৰ সন্তানৰ ওপৰতো আপুনি বেছি চকু দিয়া প্ৰয়োজন ৷ আজি কাম কৰি সম্পূৰ্ণ কৰা আপোনাৰ বাবে প্ৰায় অসম্ভৱ ৷

কৰ্কট ৰাশি:আপোনাৰ জীৱনৰ নাও আজি কোবাল সোটে কোবাই গৈছে ৷ গতিকে এই কেইদিন নহ’বলগা ঘটনাৰ পৰা সাৱধান হোৱা উচিত ৷ যিমান পাৰে শান্তিত থাকক , যদিহে নাথাকে আপোনাৰ ভয়ানক বিপদ হ’ব ৷ বে-আইনী বা অমানবীয় কাৰ্য কলাপৰ পৰা আঁতৰি থাকক ,নহলে আদালত পাবগৈ লাগিব ৷ উদ্দিগ্নতাই আপোনাক অসুবিধাত পেলাব ৷

সিংহ ৰাশি:দিনটো মিশ্ৰিত ফলদায়ক ৷ আপোনাৰ পত্নীৰ লগত কাজিয়া হ’ব পাৰে ,কিন্তু আপুনিচিঞৰ বাখৰ কৰি পৰিস্থিতি বেয়া নকৰিব ৷ প্ৰিয়জনৰ শৰীৰে আপোনাক চিন্তাত পেলাব ৷ আপোনাৰ ব্যবসায়ী সংগীৰ ওপৰত চকু ৰাখক, কাৰণ তেওঁৰ ব্যবহাৰত কিছু পাৰ্থক্য চকুত পৰিব আৰু তেওঁ টকাৰ অলপ খেলি-মেলি কৰাৰ সম্ভাবনা আছে ৷ গতিকে কিছুমান বিষয় তেওঁৰ লগত আলোচনা নকৰাই ভাল ৷ আজি আপুনি বেলেগ জাতি বা ধৰ্মৰ লোকক লগ পাব , তেওঁলোকৰ লগত নতুন সম্পৰ্ক কৰাৰ চেষ্টা কৰক ৷

কন্যা ৰাশি:গ্ৰহৰ স্থিতি উত্তম ৷ আজি আপুনি বন্ধুৰ লগত আৰু সামাজিক কামত দিনটো আনন্দৰে পাৰ কৰিব ৷ আপোনাৰ শৰীৰো প্ৰায় ভালেই যাব ৷ আৰু যিসকলে আগৰ পৰা অসুখত ভুগি আছে তেওঁলোকে আজি ইয়াৰ পৰা পৰিত্ৰাণ পাব ৷ কৰ্ম ক্ষেত্ৰটো আপোনাৰ সহকৰ্মীসকলৰ সহায়ৰ মাজেদি লক্ষত উপনিত হ’বপাৰিব ৷

তুলা ৰাশি: আজি আপোনাৰ কাৰ্য কুশলতা আৰু কলা সুলভতা বহুলভাৱে প্ৰসাৰিত হ’ব, কিন্তু অতিমাত্ৰা সপোনৰ পিছত নদৌৰিব ৷ দিনটো বহুত যুক্তিসংগত আলোচনা আৰু তৰ্কত লিপ্ত হ’ব লাগিব ৷ আপোনাৰ সন্তানৰ পৰা ভাল খবৰ আশা কৰিব পাৰি ৷ পত্নিৰ সহযোগিতাত ঘৰত স্বৰ্গসুখ অনুভব কৰিব ৷ আপোনাৰ শাৰীৰিক সুষ্টতাইও আপোনাক সুখি কৰিব ৷ বন্ধুৰ সহযোগিতা লাভ কৰিব ৷ এই সকলো মিলাই এটা সম্পুৰ্ণ সুন্দৰ দিন ৷

বৃশ্চিক ৰাশি:গণেশৰ মতে যিমানেই টান বিষয় হওক টানি পৰিস্থিতি চম্ভালি লওক ৷ উদ্দিগ্নতাৰে বেৰি ৰখাৰ বাবে দিনৰ শেষলৈ প্ৰিয়জনৰ লগত কাজিয়া হ’ব ৷ গতিকে শান্ত থাকক আৰু কোনো সমাধানলৈ অহাত গুৰুত্ব দিয়ক ৷ আপোনাৰ শৰীৰ আৰু সম্পত্তিৰ ক্ষয় হ’ব ৷ সাৱধানে থাকক , মহিলাৰ লগত তৰ্কত লিপ্ত নহ’ব ৷ পানীৰ পৰা সাৱধানে থাকক ৷ পৰিস্থিতিয়ে আপোনাৰ স্থান অবনমিত কৰিব পাৰে গতিকে সাবধান হওক ৷ আইনি কগজ চহি কৰোতে বিষেশ সাবধান হওক ৷

ধনু ৰাশি: এটা ভাল দিন ৷ আপোনাৰ কথাৰ আৰু ব্যবহাৰৰ ফলত ভাতৃ ভগ্নীৰ লগত বান্ধোন দৃঢ় হ’ব৷ বন্ধুক লগ পাব ৷ তেওলোকৰ লগত ফুৰিবলৈ গৈ দিনটো সুখৰ কৰি তুলিব ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে সুন্দৰ সময় আৰু কৰ্মক্ষেত্ৰত সুদৃহ হৈ থকা সহজ নহয় ৷ আপোনাৰ সন্মান বঢ়াৰ লক্ষণ ৷

মকৰ ৰাশি:এটা মিশ্ৰ ফলদায়ক দিন ৷ বজাৰত পইচা লগাওতে বা ষ্টকত টকা লগাওতে সাৱধান হওক ৷ ছাত্ৰ-ছাত্ৰীসকলে ফল লাভৰ বাবে বহু পৰিশ্ৰম কৰিব লাগিব ৷ ঘৰৰ পৰিবেশ সুন্দৰ কৰিবলৈ আপুনি ক্ৰোধক এৰাই চলিব লাগিব অন্যথা আপোনাৰ লোকচান হ’ব পাৰে ৷ শৰীৰে অলপ অসুবিধা পাব, শক্তিদায়ী খাদ্য খাওক ৷ চকুৰ অশুখে কিছু অসুবিধাত পেলাব পাৰে ৷ যোগ আৰু ধ্যান কৰি ভালে থাকিব পাৰে ৷ নিজৰ ভাল লগা কাম কৰক, ভাল লাগিব ৷

কুম্ভ ৰাশি: আপোনাৰ ওপৰত গ্ৰহৰ ভাল প্ৰভাব পৰিছে ৷ ধনৰ আগমন হ’ব আৰু আপুনি শাৰীৰিক আৰু মানসিক ভাবে সবল হ’ব৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ধৰ্মৰ ওপৰত আপোনাৰ বিশ্বাসে আহিবলগা বিপদ পাৰ কৰিবলৈ আপোনাক সহায় কৰিব ৷ বৈবাহিক জিৱনত সুখী হ’ব ৷

মীন ৰাশি: সমগ্ৰ দিন আপুনি সাৱধান হৈ থাকিব লাগিব ৷ মনোযোগ হীনতাই আপোনাৰ কাম বিফল কৰি তুলিব ৷ যোগ আৰু ধ্যান কৰক ৷ আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব ৷ ধৰ্মীয় কামত আপোনাৰ বৃহৎ পৰিমানৰ ধন খৰচ হ’ব ৷ বন্ধু আৰু প্ৰিয়জনৰ মাজৰ তৰ্কই আপোনাক দুবিধাত পেলাব, আপুনিকাক এৰিব কাক ধৰিব বুজাত অশুবিধা হ’ব৷ আইনি কামকাজত বিশেষ সাৱধান হোৱা দৰকাৰ ৷

ABOUT THE AUTHOR

...view details