মেষ ৰাশি:দিনটো মধ্যমীয়া ৷ কোনো দৃঢ় সিদ্ধান্তত উপনীত হ’বলৈ সক্ষম নহ’ব ৷ চিন্তিত হৈ থাকিব ৷ পেছাগত ক্ষেত্ৰত প্ৰতিপক্ষতা বিৰাজ কৰিব ৷ ভ্ৰমণত শুভ ৷ খং নিয়ন্ত্ৰণত ৰাখক ৷
বৃষ ৰাশি:আঁকোৰগোজো স্বভাৱটো এৰিব ৷ নিজৰ আচৰণৰ নম্ৰ কৰি ৰাখিলে বন্ধুসকলেও সেও মানিব ৷ প্ৰিয়জনৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নতুনকৈ একো আৰম্ভ নকৰিব ।
মিথুন ৰাশি: দিনটো নতুন আশা লৈ আৰম্ভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধুসকলৰ সৈতে পৰিকল্পনা কৰিব পাৰে । দিনটো পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে কটাওক ৷ প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে ৷ আৰ্থিক দিশত ভালে ৷ দিনটো বৰ সুন্দৰ আৰু সমৃদ্ধশালী ৷ ব্যয় বৃদ্ধি হ’ব ৷
কৰ্কট ৰাশি:দিনটো বৰ অনুকূল নহয় ৷ উদ্বিগ্ন হৈ থাকিব ৷ কোনো গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় সিদ্ধান্ত লোৱাটো বৰ জটিল হ’ব ৷ মানসিক শান্তিক বিঘ্নিত হ’বলৈ নিদিব ৷ মানসিক চাপ বৃদ্ধি পাব ৷ অপ্ৰত্যাশিত ঘটনাৰ পৰা সাৱধানে থাকক ৷
সিংহ ৰাশি:গ্ৰহ সম্পূৰ্ণ ৰূপত ভাল হৈ উঠা নাই ৷ সিদ্ধান্তহীনতাত ভূগিব ৷ চিন্তিত হৈ থাকিব ৷ নতুনকৈ কোনো কাম আৰম্ভ নকৰিব ৷ কোনো বান্ধৱীয়ে কফি খাবলৈ বা কোনো পাৰ্টিত যাবলৈ নিমন্ত্ৰণ কৰিলে সেই নিমন্ত্ৰণ গ্ৰহণ নকৰাকৈ নাথাকিব ৷
কন্যা ৰাশি: দিনটো সৌভাগ্যশালী ৷ স্বীকৃতি, পদোন্নতি ইত্যাদি যি কোনো ধৰণৰ কাৰণৰ যোগ আছে ৷ শ্ৰদ্ধা-সন্মান বৃদ্ধি পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ পাৰিবাৰিক, দাম্পত্য সম্পৰ্ক ৰঙিয়াল আৰু মৰমিয়াল হৈ থাকিব ৷ চৰকাৰী বিনিয়োগ প্ৰকল্পত বিনিয়োগ কৰাৰ বাবে সময়টো ভাল ৷