নিউজ ডেস্ক, ৯ অক্টোবৰ:ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে আজি অৰ্থাৎ বুধবাৰে শপত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে(Justice DY Chandrachud) । ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত দেশৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে আজি শপতবাক্য পাঠ কৰাব(President Droupadi Murmu) । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ কাৰ্যকাল সমাপ্ত হোৱা তেওঁ ১১ অক্টোবৰত ডি ৱাই চন্দ্ৰচূড়ক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল ।
ইয়াৰ পাছতেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ১৭ অক্টোবৰত তেওঁক পৰৱৰ্তী চিজেআই হিচাপে নিযুক্তি দিয়ে(The 50th Chief Justice of India) । ন্যায়াধীশ চন্দ্ৰচূড়ৰ জন্ম ১৯৫৯ চনৰ ১১ নৱেম্বৰত হৈছিল আৰু ২০১৬ চনৰ ১৩ মে’ত তেওঁ শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হৈছিল । ন্যায়াধীশ চন্দ্ৰচূড়ৰ পিতৃ ৱাই ভি চন্দ্ৰচূড়ো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল(Chief Justice of India Y V Chandrachud) ৷ তেওঁ পিতৃ শীৰ্ষ ন্যায়ালয়ৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্য ন্যায়াধীশ আছিল ।
ৱাই ভি চন্দ্ৰচূড়ে ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈ প্ৰায় ৭ বছৰ ৪মাহ ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল । ডি ৱাই চন্দ্ৰচূড়ে ৰাজধানী চহৰ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লোৱাৰ পাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি সম্পূৰ্ণ কৰে ৷ ইয়াৰ পাছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড ল স্কুলৰ পৰা এলএলএম আৰু ন্যায়িক বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে ।