হায়দৰাবাদ, 27 ডিচেম্বৰ : শনিবাৰে হায়দৰাবাদ বিমানবন্দৰত সীমা শুল্ক বিভাগে কাষ্টম আইনৰ অধীনত দুই কিলোগ্ৰামতকৈও অধিক সোণ জব্দ কৰে ৷ নিয়মীয়া তালাচীত এগৰাকী মহিলা যাত্ৰীৰ পৰা প্ৰায় ৯৪ লাখ টকাতকৈ অধিক মূল্যৰ সোণ জব্দ কৰে ৷ মহিলা গৰাকীৰ পৰা সোণৰ দণ্ড আৰু বুজন পৰিমানৰ অলংকাৰ জব্দ কৰে সীমা শুল্ক বিভাগে ৷
হায়দৰাবাদ বিমানবন্দৰত ৯৪ লাখ টকা মূল্যৰ সোণ জব্দ - ৯৪ লাখ টকা মূল্যৰ সোন
সীমা শুল্ক বিভাগে হায়দৰাবাদ বিমানবন্দৰত শনিবাৰে জব্দ কৰে ৯৪ লাখ টকাতকৈ অধিক মূল্যৰ সোণ ৷ এগৰাকী মহিলা যাত্ৰীৰ পৰা নিয়মীয়া তালাচীত জব্দ কৰে বুজন পৰিমানৰ সোণখিনি ৷
হায়দৰাবাদ বিমানবন্দৰত জব্দ ৯৪ লাখ টকা মূল্যৰ সোণ
এক পত্ৰযোগে সীমা শুল্ক বিভাগে প্ৰকাশ কৰা তথ্য মতে, জব্দ কৰা সোণ খিনিৰ ভিতৰত থকা সোণৰ দণ্ডবোৰৰ ওজন আছিল 1,427.63 গ্ৰাম আৰু তাৰ মূল্য প্ৰায় 67.84 লাখ টকা ৷ ইয়াৰ সমান্তৰালভাৱে অলংকাৰখিনিৰ ওজন আছিল 593.55 গ্ৰাম আৰু ইয়াৰ মূল্য 27.2 লাখ টকা আছিল ৷ তালাচীৰ সময়ত ২২ কেৰেটৰ পাঁচ ডাল সোণৰ দণ্ড আৰু গহনা জব্দ কৰা হয় ৷ সম্প্ৰতি সীমা শুল্ক বিভাগে কাষ্টম আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷