অসম

assam

ETV Bharat / bharat

Culpable homicide case : বিপদত তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰীৰ কন্যা

তামিলনাডুৰ AIADMK নেতা তথা প্ৰাক্তন মন্ত্ৰী ডি জয়কুমাৰৰ কন্যা জয়প্ৰিয়া মালিকাধীন এটা বিবাহ ভৱনত লিফ্ট দুৰ্ঘটনা (Lift accident at a wedding hall in Tamil Nadu)। দুৰ্ঘটনা এগৰাকী ছাত্ৰীৰ মৃত্যু, দুজন গুৰুতৰভাৱে আহত । নীতি বহিৰ্ভূতভাৱে লিফ্ট নিৰ্মাণৰ অভিযোগ মন্ত্ৰীৰ কন্যাৰ বিৰুদ্ধে । পলাতক মন্ত্ৰীৰ কন্যা জয়প্ৰিয়া ।

By

Published : May 15, 2022, 2:15 PM IST

Culpable homicide case
বিপদত তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰীৰ কন্যা

নেশ্যনেল ডেস্ক, ১৫ মে' :তামিলনাডুৰ AIADMK নেতা তথা প্ৰাক্তন মন্ত্ৰী ডি জয়কুমাৰৰ কন্যা জয়প্ৰিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । লিফ্ট দুৰ্ঘটনা সম্পৰ্কীয় এক গোচৰৰ অভিযুক্ত জয়প্ৰিয়া । এগৰাকী ছাত্ৰীৰ শোকাৱহ মৃত্যুৰ বাবে জয়প্ৰিয়াক জগৰীয়া কৰা হৈছে (Culpable homicide case against daughter of D Jayakumar)। সম্প্ৰতি পলাতক প্ৰাক্তন মন্ত্ৰীৰ কন্যা ।

উল্লেখ্য যে তিৰুভাল্লুৰ জিলাৰ গুম্মিডিপোণ্ডিস্থিত জয়প্ৰিয়াৰ বিবাহ ভৱনত শুকুৰবাৰে এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । বিবাহ ভৱনটোত এখন বিয়া অনুষ্ঠিত হৈ আছিল । বিয়া চলি থকাৰ মাজতে ভৱনটোৰ এটা লিফ্ট তলত খহি পৰে (Lift collapse in Tamil Nadu)। সেই সময়ত লিফ্টৰ ভিতৰত তিনিগৰাকী ব্যক্তি আছিল ।

তিনিগৰাকীৰ ভিতৰত একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী আছিল যিয়ে মূৰত আঘাত পাইছিল আৰু পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীৰ মৃত্যু হয় (One dead in Lift accident in Tamil Nadu)। আনহাতে দুৰ্ঘটনাটোত আহত হয় ভিগনেশ আৰু জয়ৰমণ নামৰ দুজন লোক । এই ঘটনাৰ পাছতে বিবাহ ভৱনটোত তীব্ৰ উত্তেজনা বৃদ্ধি পায় ।

বিবাহভৱনৰ স্বাত্বাধিকাৰী তথা প্ৰাক্তন মন্ত্ৰী ডি জয়কুমাৰৰ কন্যা জয়প্ৰিয়াৰ বিৰুদ্ধে লোকসকলে তীব্ৰ প্ৰতিক্ৰিয়া কৰা দেখা যায় । ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে কোৱা মতে অসুৰক্ষিতভাৱে নিৰ্মাণ কৰা হৈছিল লিফ্টটো । যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে ।

জানিব পৰা মতে লিফ্টটো ২০১৫ চনতে কাঠৰ তক্তাৰে নিৰ্মিত আছিল আৰু ইয়াক প্লাষ্টিকেৰে মেৰিয়াই থোৱা আছিল । লিফ্টটোৰ বহন ক্ষমতা আছিল ৩০০ কিলোগ্ৰাম । সম্পূৰ্ণ গাফিলতি আৰু প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি লিফ্ট নিৰ্মাণ নকৰাৰ অভিযোগত ইতিমধ্যে বিবাহ ভৱনটোৰ চুপাৰভাইজাৰ ডি.থিৰুনাভাকাৰাচু, লিফ্ট অপাৰেচনৰ ভাৰপ্ৰাপ্ত এছ. কাক্কান আৰু মেনেজাৰ বি.ভেঙ্কুটেচানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ঘটনাৰ অন্যতম অভিযুক্ত বিবাহ ভৱনটোৰ স্বত্বাধিকাৰী জয়প্ৰিয়া এতিয়াও পলাতক যদিও আৰক্ষীয়ে জনোৱা মতে অতি শীঘ্ৰে তেওঁকো গ্ৰেপ্তাৰ কৰা হ'ব ।

মন কৰিব লগীয়া যে জয়প্ৰিয়াৰ পিতৃ ডি জয়কুমাৰ ক্ৰমে জয়াললিতাৰ এআইএডিএমকে চৰকাৰ, পন্নীৰচেলভম মন্ত্ৰীসভা আৰু পৰৱৰ্তী সময়ত কে পালানিস্বামী মন্ত্ৰীসভাৰো এগৰাকী শক্তিশালী মন্ত্ৰী আছিল ।

লগতে পঢ়ক :মাকৰ ঘৰলৈ যাব নোপোৱাৰ বাবে আত্মহত্যা মহিলাৰ !

For All Latest Updates

ABOUT THE AUTHOR

...view details