নেশ্যনেল ডেস্ক, 13 আগষ্ট:ঝাৰখণ্ডৰ বোকোৰাত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ এজন যুৱকক মানৱ অংগ চোৰাংভাৱে সৰবৰাহ কৰাৰ অভিযোগত গণপ্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰকৃততে ঘটনা অনুসৰি, দেওবাৰে যোৱা 9 দিন ধৰি সন্ধানহীন হৈ থকা এটা 17 বছৰীয়া কিশোৰৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয় ৷ তাৰ পিচতে কিশোৰটোৰ পৰিয়ালৰ লোকে একে গাঁৱৰ বাসিন্দা শ্ৰৱণ কুমাৰে কিশোৰটোত হত্যা কৰি তেওঁৰ শৰীৰৰ অংগ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷
ইয়াৰ পিচতে গাঁৱৰ লোকে শ্ৰৱণ কুমাৰক ধৰি গছত বান্ধি লৈ উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ এই ঘটনাৰ বিষয়ে স্থানীয় আৰক্ষীয়ে গম পোৱাৰ পিচতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত লোকৰ পৰা মুমূৰ্ষু অৱস্থাত শ্ৰৱণক উদ্ধাৰ কৰে ৷ লগে লগে আৰক্ষীয়ে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰে ৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে শ্ৰৱণ কুমাৰ ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত চাছ এছডিএম আৰু মুখ্য কাৰ্যালয়ৰ ডিএছপিয়ে লোকসকলক শান্ত কৰি ঘটনাৰ সন্দৰ্ভত বুজ লৈ ন্যায় প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷ ভুক্তভোগীৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে বিষয়াসকলে অভিযুক্তক কঠোৰতম শাস্তিৰো আশ্বাস দিয়ে ৷