অসম

assam

ETV Bharat / bharat

Umesh Pal Murder Case : মাফিয়া আতিক আহমেদৰ অধিবক্তা আৰক্ষীৰ জালত; বিস্ফোৰক তথ্য পোহৰলৈ - umesh pal news

প্ৰয়াগৰাজ আৰক্ষীয়ে লক্ষ্ণৌৰ পৰা গ্ৰেপ্তাৰ কৰে মাফিয়া আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক । ইয়াৰ পিছত তেওঁক জেললৈ প্ৰেৰণ কৰা হয় । উমেশ পাল হত্যাকাণ্ডৰ সৈতে জড়িত বিজয় মিশ্ৰক । তেওঁৰ জেৰাত মাফিয়া ভাতৃদ্বয়ৰ পত্নী-ভগ্নীৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ সূত্ৰ পোৱা গৈছে ।

Umesh Pal Murder Case
মাফিয়া আতিক আহমেদ অধিবক্তা বিজয় মিশ্ৰৰ সৈতে

By

Published : Jul 31, 2023, 9:59 AM IST

নেশ্যনেল ডেস্ক, 31 জুলাই :সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰামাফিয়া আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক প্ৰয়াগৰাজ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পিচতে বাহুবলী আতিক আহমেদৰ পলাতক পত্নী শায়েস্তা পাৰবীন আৰু আতিকৰ কনিষ্ঠ ভাতৃ খালিদ আজিম ওৰফে আশ্ৰাফৰ পত্নী জৈনাব ফাতিমাই অচিৰেই আৰক্ষীৰ হাতত ধৰা পৰিব পাৰে । শায়েস্তাৰ মূৰৰ দাম 5 লাখ টকা নিৰ্ধাৰণ কৰি দিছিল আৰক্ষীয়ে ৷

মাফিয়া ভাতৃদ্বয়ৰ পত্নীৰ বাহিৰেও তেওঁৰ পলাতক ভগ্নী আয়েছা নূৰী আৰু শ্বাহীনৰ বিষয়েও সূত্ৰ পোৱা গৈছে । আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক উমেশ পাল হত্যাকাণ্ডৰ গোচৰত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেওবাৰে জেললৈ প্ৰেৰণ কৰে । আতিকৰ এই অধিবক্তাজনক জিম্মাত লোৱাৰ সময়তে আৰক্ষীয়ে তেওঁৰ পৰা বহু তথ্য লাভ কৰে ।

অধিবক্তাগৰাকীৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে 50 হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদানেৰে বিচাৰ-খোচাৰ অব্যাহত ৰখা শায়েস্তা পাৰবীন আৰু তেওঁৰ বায়েক জৈনব ফাতিমা শীঘ্ৰে আৰক্ষীৰ জালত পৰিব পাৰে । একে সময়তে আতিক আহমেদৰ অধিবক্তাক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োৰে ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰে ।

মাফিয়া আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ জেৰাত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰৰ জেৰাৰ সময়ত মাফিয়া আতিক আহমেদৰ ভাতৃ আশ্ৰফ জৈনাব ফাতিমাৰ পলাতক পত্নীৰ বিষয়েও গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হয় । অধিবক্তাগৰাকীৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে আতিকৰ পত্নী শায়েস্তা পাৰবীন আৰু আশ্ৰফৰ পত্নী জৈনাব ফাতিমাৰ অৱস্থান বিচাৰি উলিয়াব পাৰে বুলি সন্দেহ কৰা হৈছে ।

যদি আৰক্ষীয়ে আশ্ৰাফ আৰু আতিক আহমেদৰ পত্নীৰ সঠিক স্থানৰ সম্ভেদ লাভ কৰে তেন্তে অতি সোনকালে আৰক্ষীয়ে মাফিয়া ভাতৃদ্বয়ৰ পলাতক পত্নীক কৰায়ত্ত কৰিব পাৰিব ।

উমেশ পালৰ হত্যাকাণ্ডৰ গোচৰত অধিবক্তা বিজয় মিশ্ৰৰ সহযোগিতাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে । ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে অভিযুক্ত অধিবক্তাৰ বিৰুদ্ধেও যথেষ্ট প্ৰমাণ লাভ কৰিছে । দেওবাৰে অধিবক্তাজনক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰাও চলাইছিল । জেৰাৰ সময়ত আৰক্ষীয়ে তেওঁৰ পৰা আতিক আহমেদ আৰু আশ্ৰাফৰ পত্নীৰ লগতে তেওঁৰ ভগ্নী আয়েছা নূৰী আৰু শ্বাহীনৰ বিষয়ে তথ্য লাভ কৰে ।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অধিবক্তা বিজয় মিশ্ৰই আতিক আহমেদ আৰু আশ্ৰাফৰ পত্নীৰ সৈতে যোগাযোগ কৰি আহিছে । আৰক্ষীয়ে মাফিয়াৰ পলাতক ভগ্নী-ভতিজীৰ তথ্য লাভ কৰে ।

লগতে পঢ়ক :Firing in Jaipur Express: চলন্ত ৰে’লত চাৰিজনক গুলিয়াই হত্যা

ABOUT THE AUTHOR

...view details