নিউজ ডেস্ক , 31 জানুৱাৰী :ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডি ৰাজা দেওবাৰে হঠাৎ অসুস্থ হৈ পৰে । হায়দৰাবাদৰ হিমায়ত নগৰৰ মাগদুম ভৱনত চিপিআই ৰাষ্ট্ৰীয় সমিতিৰ এক সভাৰ মাজতে অসুস্থ হৈ পৰে নেতাগৰাকী ।
প্ৰাপ্ত খবৰ অনুসৰি সভাৰ মাজতে অসুস্থ হৈ পৰা নেতাগৰাকীক ততালিকে কামিনেনি চিকিৎসালয়লৈ লৈ যোৱা হয় । চিকিৎসকৰ মতে ৰক্তচাপ কম হোৱাৰ বাবে ৰাজা অসুস্থ হৈ পৰিছিল আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি জনাইছে চিকিৎসকে ।