নেশ্যনেল ডেস্ক , 11 ছেপ্তেম্বৰ :দেশত পুনৰ বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়(Union Health Ministry)ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ভাৰতত এদিনতে নতুনকৈ 33,376জন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 308জনে ক'ভিডত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটি লৈছে ৷ ইয়াৰ লগে লগে ভাৰতত ক'ভিড সংক্ৰমণৰ মুঠ সংখ্যা 3,32,08,330 লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যা 4,42,317জনলৈ বৃদ্ধি পাইছে ৷
শনিবাৰে পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য় অনুসৰি আক্ৰান্তৰ সংখ্যা তূলৱামূলকভাৱে কিছু বৃদ্ধি হৈ 3,91,516 হৈছেগৈ আৰু ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ হাৰ হৈছেগৈ 97.49 শতাংশ ৷ ইয়াৰ লগতে দৈনিক আক্ৰান্তৰ হাৰ 2.10 শতাংশ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, দেশজুৰি হোৱা টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰতিষেধক প্ৰদানৰ সংখ্যাই 73.05 কোটি অতিক্ৰম কৰিছে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (Indian Council of Medical Research) মতে, 10 ছেপ্টেম্বৰলৈকে ভাৰতত মুঠ 54,01,96,989 নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত শুকুৰবাৰে 15,92,135টা নমুনা পৰীক্ষা কৰা হৈছিল ৷
জানিব পৰা মতে, বিগত 24 ঘন্টাত কেৰালাত 25,010 জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে 177জনে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে শুকুৰবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সদৰী কৰা তথ্য অনুসৰি, 3-9 ছেপ্টেম্বৰৰ ভিতৰত মাত্ৰ দুই শতাংশ আক্ৰান্ত লোককহে অক্সিজেনযুক্ত বিচনাৰ প্ৰয়োজন হৈছিল আৰু মাত্ৰ এক শতাংশহে আইচিইউ ভৰ্তি হ'বলগীয়া হৈছিল ৷
লগতে পঢ়ক :বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস 2021: প্ৰাথমিক চিকিৎসা আৰু পথ সুৰক্ষা