নতুন দিল্লী, 1 জানুৱাৰী: দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ যোৱা 19 দিনত দেশত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা 30,000ৰ তলত থকাত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে গৈ 1,02,86,709 জন ৷ যোৱা 24 ঘন্টাত 20035 জন নতুন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 256 জনৰ ৷ এই নতুন মৃতকৰ সৈতে সৰ্বমুঠ মৃত্যু হৈছে 1,48,994 জনৰ ৷
এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে গৈ 98,83,461 জন ৷ ইয়াৰ পাচতে আৰোগ্য লাভৰ হাৰ 96.08 শতাংশলৈ বৃদ্ধি হোৱাৰ লগতে মৃত্যুৰ হাৰ হৈছে গৈ 1.45 শতাংশ ৷ বিগত 11 দিনত ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা আছিল 3 লাখৰ তলত ৷