অসম

assam

By

Published : Apr 18, 2021, 12:29 PM IST

ETV Bharat / bharat

ভাৰতত 3 লাখৰ ঘৰ স্পৰ্শ কৰাৰ দিশে দৈনিক কৰ’ণা আক্ৰান্তৰ সংখ্যা

ভাৰতত যোৱা ২৪ ঘণ্টাত 2,61,500 গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে । আনহাতে 1,501 গৰাকী লোকে মহামাৰীৰ কবলত পৰি মৃত্যুমুখত পৰিছে ৷ লগতে আৰোগ্য লাভ কৰিছে 1,38,423 গৰাকী লোকে ৷

COVID-19 India tracker
ভাৰতত 3 লাখৰ ঘৰ স্পৰ্শ কৰাৰ দিশে দৈনিক কৰ’ণা আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, 18 এপ্ৰিল: ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত যোৱা ২৪ ঘণ্টাত 2,61,500 গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হয় । লগতে 1,38,423 গৰাকী লোকে আৰোগ্য লাভ কৰে । এই মূহুৰ্তলৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা মুঠ 1,47,88,109 গৰাকী । সুস্থ হোৱা লোকৰ সংখ্যা মুঠ 1,28,09,643 গৰাকী ।

ইফালে মন্ত্ৰালয়ৰ মতে, বিগত 24 ঘণ্টাত 1,501 গৰাকী লোকে মহামাৰীৰ কবলত পৰি মৃত্যুমুখত পৰে । ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,77,150 গৰাকীলৈ বৃদ্ধি পায় । মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই মূহূৰ্তলৈ মুঠ 18,01,316 টা ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক:ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ পৰা 800 টা ৰেমডেচিভিৰ প্ৰতিষেধক চুৰি

ABOUT THE AUTHOR

...view details