নেশ্যনেল ডেস্ক,৩১ মাৰ্চ :উত্তৰ প্ৰদেশৰ এখন বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান । অবৈধভাৱে ভাৰতত বাস কৰি থকা দুই বাংলাদেশী ভাতৃক ৪ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে আদালতে (Two Bangladeshi brothers sentenced to 4 years in prison)। উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থা এটিএছয়ে (ATS) এক বিবৃতিত উল্লেখ কৰা মতে মুখ্য ন্যায়িক দণ্ডাধীশে মহম্মদ ইকবাল নামৰ বাংলাদেশৰ যুৱকজনৰ বিৰুদ্ধে চাৰি বছৰৰ কাৰাদণ্ড আৰু ৬,৫০০ টকাৰ জৰিমনা ঘোষণা কৰা হয় । মহম্মদ ইকবালৰ ভাতৃ মহম্মদ ফাৰুককো চাৰি বছৰৰ কাৰাদণ্ড (Mohd Farooq sentenced to four years of imprisonment) আৰু তেওঁৰ ওপৰত ৬,০০০ টকাৰ জৰিমনা বিহা হয় ।
ইকবাল আৰু ফাৰুকে ভূৱা নথি-পত্ৰ ব্যৱহাৰ কৰি চাহাৰনপুৰত বাস কৰি আছিল । তেওঁলোক বাংলাদেশৰ চিটাগঙৰ বাসিন্দা । তেওঁলোকক ২০২০ চনৰ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।