অসম

assam

ETV Bharat / bharat

অহা ৩০ জানুৱাৰীত "ক'ভিশ্বিল্ড" ট্ৰেডমাৰ্ক সন্দৰ্ভত আদালতে নিৰ্দেশ জাৰি কৰাৰ সম্ভাৱনা

কিউটিছ-বায়'টেকে যোৱা ৪ জানুৱাৰীত পুণেৰ আদালতত "ক'ভিশ্বিল্ড" নাম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক বাধা আৰোপ কৰিবলৈ আহ্বান জনাই এক আবেদন দাখিল কৰিছিল । এই আবেদন সন্দৰ্ভত আদালতে অহা ৩০ জানুৱাৰীত নিৰ্দেশ জাৰি কৰাৰ সম্ভাৱনা আছে ।

By

Published : Jan 23, 2021, 2:16 PM IST

অহা ৩০ জানুৱাৰীত "ক'ভিশ্বিল্ড" ট্ৰেডমাৰ্ক সন্দৰ্ভত আদালতে নিৰ্দেশ জাৰি কৰাৰ সম্ভাৱনা
অহা ৩০ জানুৱাৰীত "ক'ভিশ্বিল্ড" ট্ৰেডমাৰ্ক সন্দৰ্ভত আদালতে নিৰ্দেশ জাৰি কৰাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী: পুণেৰ এখন আদালতে অহা ৩০ জানুৱাৰীত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা প্ৰতিষেধকৰ নাম "ক'ভিশ্বিল্ড" ৰাখিব পাৰিবনে নাই সেই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিব । যোৱা ৪ জানুৱাৰীত কিউটিছ-বায়'টেকে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক "ক'ভিশ্বিল্ড" অথবা আন যিকোনো একে ধৰণৰ নাম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবলৈ আহ্বান জনাই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । কিউটিছ-বায়'টেকৰ মতে, "ক'ভিশ্বিল্ড" নামটো ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে প্ৰাধান্য লাভ কৰা উচিত ।

একেটা নামকে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে কিউটিছ-বায়'টেকে । মঙলবাৰে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, দুয়োটা ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পৃথক ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰে আৰু সেয়েহে ট্ৰেডমাৰ্কক লৈ বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ থল নাই । ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পক্ষত থাকি অধিবক্তা এছ কে জৈনে কয় যে, শুকুৰবাৰে তেওঁ আদালতত যুক্তি দিছিল যে, কিউটিছ-বায়'টেকে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰতিষেধকৰ নাম হিচাপে "ক'ভিশ্বিল্ড" ব্যৱহাৰ কৰিবলৈ ট্ৰেডমাৰ্ক পঞ্জীয়কৰ ওচৰত আবেদন জনাইছিল ।

কিন্তু ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই বিগত বৰ্ষৰ জুন মাহত ট্ৰেডমাৰ্কৰ বাবে আবেদন জনাইছিল । সেয়ে, "ক'ভিশ্বিল্ড" নামটোৰ প্ৰথম ব্যৱহাৰকাৰী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া বুলি যুক্তি দিয়ে অধিবক্তাগৰাকীয়ে । লগতে তেওঁ ২০২০ চনৰ মাৰ্চ মাহৰ পৰাই ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই "ক'ভিশ্বিল্ড" নামটো ব্যৱহাৰ কৰাৰ প্ৰমাণ দাঙি ধৰে । অধিবক্তা এছ কে জৈনে কিউটিছ-বায়'টেকৰ আবেদন খাৰিজ কৰিবলৈ আদালতক আহ্বান জনাই কয় যে, কিউটিছ-বায়'টেকে এই সন্দৰ্ভত সকলো তথ্য প্ৰকাশ নকৰি মিছাৰ আশ্ৰয় লৈছে ।

আনহাতে, কিউটিছ-বায়'টেকৰ পক্ষৰ অধিবক্তা আদিত্য ছ'নীয়ে অধিবক্তা এছ কে জৈনৰ যুক্তিৰ প্ৰত্যুত্তৰ দিয়ে । তেওঁ কয় যে, এই গোচৰ সন্দৰ্ভত প্ৰতিষেধকৰ ট্ৰেডমাৰ্কৰ বাবে কিউটিছ-বায়'টেকে বিগত বৰ্ষত কৰা আবেদনৰ নথি-পত্ৰ সংলগ্ন কৰাতো অপ্ৰাসংগিক । দুয়ো পক্ষৰে যুক্তিৰ অন্তত অতিৰিক্ত সত্ৰ ন্যায়াধীশ এ ভি ৰট্টেই অহা ৩০ জানুৱাৰীত নিৰ্দেশ জাৰি কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:উত্তৰ-পূৱ পৰিষদৰ পূৰ্ণাংগ অধিৱেশনলৈ ৰাওনা বিপ্লৱ কুমাৰ দেৱ

ABOUT THE AUTHOR

...view details