নিউজ ডেস্ক, ২৮ নৱেম্বৰ : দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লী আবকাৰী কেলেংকাৰী গোচৰত ইডিক জাননী জাৰি কৰিছে । মঙলবাৰে আদালতে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে । বিশেষ ন্যায়াধীশ এম কে নাগপালে এই বিষয়ত ৬ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ।
উল্লেখ্য যে সঞ্জয় সিঙে ২৪ নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ সময়ত জামিন আবেদন দাখিল কৰিছিল । আনহাতে, তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়তো তেওঁ এখন আবেদন দাখিল কৰিছে । শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে তেওঁ নিম্ন আদালতত জামিন আবেদন দাখিল কৰিলে ভাল হ'লহেঁতেন বুলি কয় । উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শৰ পিছতে সঞ্জয় সিঙে ৰাউজ এভিনিউ আদালতত জামিনৰ বাবে আবেদন দাখিল কৰে । ২৪ নৱেম্বৰত আদালতে সঞ্জয় সিঙক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ।