অসম

assam

By

Published : Apr 9, 2021, 9:35 AM IST

ETV Bharat / bharat

ভোট গণনা প্ৰতিনিধিক স্বায়ত্ব শাসনৰ বাহিৰৰ অঞ্চলৰ পৰা বাচনি কৰাৰ আহ্বান টিপ্ৰাৰ

বৃহস্পতিবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি এক আদেশ প্ৰত্যাহাৰৰ দাবী টিপ্ৰাৰ মুৰব্বী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ ৷ স্বায়ত্ব শাসনৰ বাহিৰৰ অঞ্চলৰ লোকসকলক যাতে নিৰ্বাচন আয়োগে ভোট গণনা প্ৰতিনিধি হিচাপে নিয়োজিত কৰে তাৰ অনুমতি বিচাৰিছে টিপ্ৰাই ৷

TIPRA request
টিপ্ৰাৰ আহ্বান

আগৰতলা,9 এপ্ৰিল : থলুৱা প্ৰগতিশীল আঞ্চলিক মিত্ৰতা (TIPRA)ৰ মূৰব্বী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে বৃহস্পতিবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ এখন পত্ৰ লিখি এক আদেশ প্ৰত্যাহাৰৰ দাবী জনায় ৷ দাবী অনুসৰি, স্বায়ত্ব শাসনৰ বাহিৰৰ অঞ্চলৰ লোকসকলক যাতে নিৰ্বাচন আয়োগে গণনা প্ৰতিনিধি হিচাপে নিয়োজিত কৰাৰ অনুমতি প্ৰদান কৰে । যদি ৰাজ্যিক নিৰ্বাচন আয়োগে এই আদেশ প্ৰত্যাহাৰ নকৰে, তেন্তে এই সন্দৰ্ভত আদালতৰ কাষ চাপিব বুলি নিৰ্বাচন আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাচত এই মন্তব্য কৰে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ৷

উল্লেখ্য যে, টিপ্ৰাৰ মূৰব্বীসহ এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰে ত্ৰিপুৰা নিৰ্বাচন আয়োগ আৰু ৰাজ্যপাল আৰ কে বাইছক সাক্ষাৎ কৰে আৰু বিজ্ঞপ্তি সন্দৰ্ভত দলৰ আপত্তি উত্থাপন কৰে । এই আদেশ আছিল আইন বিৰোধী ৷ আদেশ গৃহীত হোৱাৰ পাচত আপত্তি প্ৰকাশ কৰিছিল প্ৰতিনিধি দলটোৱে । আইনী পদক্ষেপ সন্দৰ্ভত তেওঁ কয় যে, যদি আদেশটো প্ৰত্যাহাৰ কৰা নহয় তেন্তে ইয়াৰ বিৰুদ্ধে আদালতলৈ যাব টিপ্ৰাই । শ্বিলং, মুম্বাই, দিল্লী আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ আইন বিশেষজ্ঞসকলৰ সৈতে ইতিমধ্যে বিষয়টো সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে জানিবলৈ দিয়ে ৷

ইয়াৰোপৰি পুনৰ নিৰ্বাচনৰ বিষয় সন্দৰ্ভত তেওঁ কয় যে, পুনৰ নিৰ্বাচনৰ প্ৰয়োজন হোৱা বুথসমূহৰ নিৰ্দিষ্ট বিৱৰণ দিয়া হৈছে । কিন্তু তেওঁলোকে ইয়াক চোৱা-চিতা কৰিব বুলি আশ্বাসৰ বাহিৰে আন একো উত্তৰ দিয়া নাই । যদি নিৰ্বাচন আয়োগে শীঘ্ৰেই সঁহাৰি নিদিয়ে টিপ্ৰাই একো কৰিব নোৱাৰে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত ভোট গণনাৰ বাবে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ দাবী চিপিআইএমৰ

ABOUT THE AUTHOR

...view details