অসম

assam

ETV Bharat / bharat

Chandrayaan-3 Countdown starts : ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ কাউণ্টডাউন আৰম্ভ - Chandrayaan 3 Countdown starts

এক সফল উৎক্ষেপণ আখৰা আৰু 'মিছন ৰেডিনেছ ৰিভিউ'ৰ পাছত ইছৰোৰ চন্দ্ৰযান-৩ ৰ যাত্ৰা ১৪ জুলাইত আৰম্ভ হ'ব । ২৬ ঘণ্টাৰ পূৰ্বে কাউন্টডাউন দুপৰীয়া ১.০৫ বজাত আৰম্ভ হৈছে ।

Chandrayaan 3 Countdown starts
ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ কাউণ্টডাউন আৰম্ভ

By

Published : Jul 13, 2023, 4:43 PM IST

নেশ্যনেল ডেস্ক,১৩ জুলাই :১৪ জুলাইৰ দুপৰীয়া ২.৩৫ বজাত বহু প্ৰত্যাশিত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হ'ব । সেই মুহূৰ্তৰ বাবে সমগ্ৰ দেশবাসী গভীৰ আগ্ৰহেৰে ৰৈ আছে । তাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে দুপৰীয়া ১.০৫ বজাৰ লগে লগে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ কাউন্টডাউন আৰম্ভ হৈছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে চন্দ্ৰযান-৩ৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে ।

চন্দ্ৰযান-৩ মহাকাশযানখনক ভাৰতৰ হেভি-লিফ্ট ৰকেট ৬৪২ টনৰ এলভিএম৩য়ে কঢ়িয়াই লৈ যাব । ১৪ জুলাইৰ দুপৰীয়া ২.৩৫ বজাৰ লগে লগে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা ৰকেট বন্দৰৰ চন্দ্ৰযানখন উৎক্ষেপণ কৰা হ'ব । কাউণ্টডাউন প্ৰক্ৰিয়াৰ সময়ত, তৰল আৰু ক্ৰায়'জেনিক স্তৰবোৰত ইন্ধন যোগান ধৰা হ'ব আৰু ৰকেট প্ৰণালীবোৰ পৰীক্ষা কৰা হ'ব ।

প্ৰথম ৰকেটৰ প্ৰথম পৰ্যায়টো কঠিন ইন্ধনৰ দ্বাৰা চালিত, দ্বিতীয় পৰ্যায়টো তৰল ইন্ধনৰ দ্বাৰা আৰু তৃতীয় আৰু অন্তিম পৰ্যায়ত তৰল হাইড্ৰজেন আৰু তৰল অক্সিজেনৰ দ্বাৰা চালিত ক্ৰায়'জেনিক ইঞ্জিন থাকে । উৎক্ষেপণ সময়ত, ৬৪২ টনৰ ৰকেটটোত মুঠ ৫৫৩.৪ টন ৰকেটৰ ভৰ থাকিব- তিনিওটা স্তৰ একেলগে ৰাখিব । ইয়াৰ উৰণৰ মাত্ৰ ১৬ মিনিটৰ ভিতৰতে ৰকেটটোৱে প্ৰায় ১৭৯ কিলোমিটাৰ উচ্চতাত চন্দ্ৰযান-৩ মহাকাশযানখন এৰি দিব ।

তাৰ পাছত, চন্দ্ৰযান-৩য়ে প্ৰায় ৩.৮৪ লাখ কিলোমিটাৰ দীঘলীয়া চন্দ্ৰ যাত্ৰা আৰম্ভ কৰিব । মহাকাশযানখনে কঢ়িয়াই অনা লেণ্ডাৰখনে ২৩ বা ২৪ আগষ্টত চন্দ্ৰত ছফ্ট লেণ্ডিং কৰিব বুলি আশা কৰা হৈছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) কোৱা মতে চন্দ্ৰযান-৩ মহাকাশযানখনত এটা প্ৰপালচন মডিউল (২,১৪৮ কিলোগ্ৰাম ওজনৰ), এটা লেণ্ডাৰ (১,৭২৩.৮৯ কিলোগ্ৰাম) আৰু এটা ৰোভাৰ (২৬ কিলোগ্ৰাম) অন্তৰ্ভুক্ত আছে ।

চন্দ্ৰযান-২ অভিযানৰ সময়ত হোৱা দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ লেণ্ডাৰত কিছুমান পৰিৱৰ্তন কৰা হৈছে । ইছৰোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে লেণ্ডাৰত পাঁচটাৰ পৰিৱৰ্তে চাৰিটা মটৰ আছে । মহাকাশ সংস্থাটোৱে ছফ্টৱেৰটোত কিছু পৰিৱৰ্তনও কৰিছে । আমোদজনক ভাৱে ইছৰো এইবাৰ লেণ্ডাৰ আৰু ৰোভাৰৰ নাম দিয়াৰ ক্ষেত্ৰত নীৰৱ হৈ আছে । চন্দ্ৰ অভিযান-২ৰ সময়ত লেণ্ডাৰৰ নাম বিক্ৰম আৰু ৰোভাৰক প্ৰজ্ঞান বুলি নামাকৰণ কৰা হৈছিল ।

লগতে পঢ়ক :Chandrayaan 3 preparation : চন্দ্ৰ অভিযানৰ পূৰ্বে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ইছৰোৰ বিজ্ঞানীৰ

ABOUT THE AUTHOR

...view details