নিউজ ডেস্ক, ১৭ জানুৱাৰী : বায়'লজিকেল ই লিমিটেডে (বিই) উদ্ভাৱন কৰা কোভিড ভেকচিন 'কৰ্বিভেক্স'-এ বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) পৰা জৰুৰীকালীন ব্যৱহাৰ তালিকাত স্থান লাভ কৰিছে । প্ৰ'টিন উপ-একক প্লেটফৰ্মত আমাৰ দেশত প্ৰস্তুত কৰা এইটো হৈছে প্ৰথম ভেকচিন ।
ভাৰতীয় ঔষধ নিয়ন্ত্ৰক সংস্থাই (ডিচিজিআই) বহু পূৰ্বে 'কৰ্বিভেক্স' ভেকচিনক জৰুৰীকালীন স্বীকৃতি প্ৰদান কৰিছে । 18 বছৰ ঊৰ্ধ্বৰ লোকসকলক 'বুষ্টাৰ পালি' হিচাপে এই ভেকচিনটো দিয়াৰ অনুমতি দিয়া হৈছে । বায়'লজিকেল ই লিমিটেডে এতিয়ালৈকে ভাৰত চৰকাৰক 10 কোটি কৰ্বিভেক্স ভেকচিনৰ পালি যোগান ধৰিছে । এই ভেকচিনটো মুখ্যত সমগ্ৰ দেশত চৰকাৰে গ্ৰহণ কৰা টীকাকৰণ কাৰ্যসূচীত 12-14 বছৰ বয়সৰ শিশুৰ বাবে ব্যৱহাৰ কৰা হয় ।
বায়'লজিকেল ই লিমিটেডৰ পৰিচালন সঞ্চালক মহিমা দাতলাই কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা 'কৰ্বিভেক্স' ভেকচিনৰ স্বীকৃতিয়ে প্ৰ'টিন উপ-একক প্লেটফৰ্মত ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসৰি কোভিড ভেকচিন বিকশিত কৰাৰ সুযোগ প্ৰদান কৰিব । তেওঁ কয় যে বহুতো দেশৰ চৰকাৰে কোভিড ভেকচিনৰ ব্যয় বহন কৰিবলৈ অক্ষম । এই ক্ষেত্ৰত তেওঁলোকক কম মূল্যত কৰ্বিভেক্স যোগান ধৰিবলৈ সক্ষম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । উল্লেখ্য যে কোভিডৰ ভাবুকি হ্ৰাস হোৱাৰ পিছত বহুতো কোম্পানীয়ে পুঁজিৰ অভাৱৰ বাবে তেওঁলোকৰ ভেকচিন উদ্ভাৱন কাৰ্যসূচী বন্ধ কৰে । কিন্তু বায়'লজিকেল ই লিমিটেডে তেওঁলোকৰ গৱেষণা আৰু উদ্ভাৱন কাৰ্যসূচী অব্যাহত ৰাখিছে ।