নিউজ ডেস্ক, ৩১ অক্টোবৰ: উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ টাংমাৰ্গ গাঁৱত মঙলবাৰে সন্ধিয়া উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে এজন আৰক্ষী জোৱানক । ৱাইলু গাঁৱৰ হেড কনিষ্টবল গুলাম মহম্মদ দাৰক তেওঁৰ বাসগৃহৰ সমীপতে গুলীয়াই হত্যা কৰে কোনো সন্ত্ৰাসবাদীয়ে ।
আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, ঘটনাৰ কিছু সময়ৰ পিছতে গুলাম মহম্মদ দাৰক ততাতৈয়াকৈ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ কিন্তু তাতেই তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে । ইফালে, অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী আৰম্ভ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনায় ।
"গুলীবিদ্ধ আৰক্ষী জোৱানজনে মৃত্যুবৰণ কৰে আৰু তেওঁ শ্বহীদ হ'ল । আমি শ্বহীদজনক আমাৰ সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু এই জটিল সন্ধিক্ষণত তেওঁৰ পৰিয়ালৰ কাষত থিয় দিছো । অঞ্চলটো ঘেৰি ৰখা হৈছে । অনুসন্ধান অভিযান চলি আছে ৷" কাশ্মীৰ মণ্ডল আৰক্ষীয়ে X ত পোষ্ট কৰিছে এইদৰে ।
সোমবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত অচিনাক্ত সন্ত্ৰাসবাদীয়ে এজন অস্থানীয় শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল ৷ তাৰ এদিন পূৰ্বে শ্ৰীনগৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন পৰিদৰ্শককো নিজৰ ঘৰৰ ওচৰতে ক্ৰিকেট খেলি থকা অৱস্থাত উগ্ৰপন্থীয়ে গুলীয়াই আহত কৰে । খবৰ অনুসৰি আৰক্ষী বিষয়াজনৰ অৱস্থা সংকটজনক । এইটো হৈছে কাশ্মীৰত সংঘটিত তৃতীয়টো ঘটনা ৷
শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ বিদায়ী আৰক্ষী অধীক্ষক দিলবাগ সিঙে কেন্দ্ৰীয় শাসিত অঞ্চলটো “স্থায়ী শান্তিৰ পথত” আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ “প্ৰায় শেষ” হোৱা বুলি কোৱাৰ সময়তে এই ধাৰাবাহিক আক্ৰমণ সংঘটিত হয় । ডিজিপিগৰাকীয়ে কৈছিল যে ২০২৩ চনত মাত্ৰ ১০ জন স্থানীয় যুৱকে সন্ত্ৰাসবাদীৰ দলত যোগদান কৰিছিল, এই সংখ্যা এবছৰৰ পূৰ্বে ১১০ জন আছিল ।
আমোদজনকভাৱে ডিজিপি গৰাকীয়ে কৈছিল যে মঙলবাৰে পুলিচজনক হত্যা কৰা উত্তৰ কাশ্মীৰ প্ৰায় সন্ত্ৰাসবাদীৰ পৰা মুক্ত ।
লগতে পঢ়ক:cash for query controversy : ধনৰ বিনিময়ত প্ৰশ্ন বিতৰ্ক; মিডিয়া হাউছৰ বিৰুদ্ধে মানহানিৰ গোচৰ প্ৰত্যাহাৰ মহুৱা মৈত্ৰৰ